খিলঞ্জীয়াই বাচিবলৈ বহিৰাগতৰে অৰ্থনৈতিক আদান-প্ৰদান বন্ধ কৰাৰ আহ্বান আলফা নেতা জিতেন দত্তৰ

jiten

নিউজ ডেস্ক:

অসমবাসীয়ে বহু প্ৰত্যাশাৰে বাট চাই থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পালে। চূড়ান্ত তালিকাৰ প্ৰকাশৰ পাছতে খিলঞ্জীয়া অসমীয়াৰ উদ্দেশে আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ কেতবোৰ বিশেষ পৰামৰ্শ আগবঢ়ায়। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আলফা নেতাগৰাকীয়ে খিলঞ্জীয়া ৰাইজক উদ্দেশি কয় "জাতি বাচি থাকিবলৈ হ'লে এতিয়া প্ৰতিজন অসমীয়া খিলঞ্জীয়া টোপনিৰ পৰা জাগক। খিলঞ্জীয়া অসমীয়াবাসী বাচি থাকিবলৈ হ'লে ৭১/৫১ কৰি এতিয়া লাভ নাই। তাৰ পৰিৱৰ্তে খিলঞ্জীয়া অসমীয়াই এতিয়াৰে পৰা কিছুমান সিদ্ধান্ত ল’ব লাগিব বুলি তেওঁ  কয়। তেওঁ কয়, জাতিক বচাই ৰাখিবলৈ হ’লে প্ৰতিগৰাকী খিলঞ্জীয়াই বহিৰাগতক মাটি বিক্ৰী কৰাটো কঠোৰভাৱে বন্ধ কৰিব লাগিব। যিসকল খিলঞ্জীয়াই নিজৰ কৃষিভূমি সন্দেহযুক্ত বাংলাদেশীক আধিত খেতি কৰিবলৈ দিছিল সেইসমূহ ভূমি পুনৰ খিলঞ্জীয়াক ঘূৰাই লোৱাৰ বাবেও তেওঁ আহ্বান জনায়।

ইয়াৰ উপৰি বৰপেটাৰ সত্ৰত মিঞাই দখল কৰি থকা সত্ৰৰ ভূমিসমূহ দখলমুক্ত কৰিবলৈ যাওঁ বলক বুলিও তেওঁ মুকলিলৈ আহ্বান জনাইছে। একেদৰে এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা কোনো সন্দেহযুক্ত শ্ৰমিকক আজিৰ পৰা যাতে খিলঞ্জীয়াই ঘৰুৱা কামত নলগায় তাৰ বাবে কঠোৰ হ’বলৈও তেওঁ আনহাতে, যুৱ প্ৰজন্মক আহ্বান জনাই তেওঁ কয়, ‘নিজৰ প্ৰয়োজনীয় সামগ্ৰী নিজে তৈয়াৰ কৰিম নহ’লে লঘোনত থাকিম’ নীতিৰে অৰ্থনৈতিক সংগ্রামত প্ৰতিজন নৱ প্ৰজন্মই অংশগ্ৰহণ কৰক। চৰ-চাপৰিত সন্দেহযুক্ত লোকসকলে উৎপাদন কৰা কোনোধৰণৰ শাক-পাচলিৰ ব্যৱহাৰ নকৰো বুলি সংকল্প গ্ৰহণ কৰক। জন্ম নিয়ন্ত্ৰণৰ বাবেও চৰকাৰলৈ কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী জনায় তেওঁ। লগতে চৰ-চাপৰি সমূহত সন্দেহযুক্ত লোকে দখল কৰি থকা ভূমিসমূহ দখলমুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনাব লাগে বুলি মন্তব্য কৰে আলফা নেতাজনে।

Your Comments