নিউজ ডেস্ক:
অবৈধ বিদেশীৰ ৰক্ষণাবেক্ষণৰ বাবে নিৰন্তৰ কাম কৰি অহা,অবৈধ বিদেশীৰ ইছ্যুটোক জীয়াই ৰাখি ৰাজনৈতিক মুনাফাৰ দৰদাম চলাই নিব বিচৰা প্ৰতিটো ৰাজনৈতিক- অৰাজনৈতিক দল আৰু সংগঠনলৈ এনআৰচি প্ৰকাশৰ এই মুহূৰ্তত জনাইছোঁ উষ্ম অভিনন্দন।এই বক্তব্য আছাম পাব্লিক ৱৰ্কছৰ। অপেক্ষাৰ অন্ত পেলাই শনিবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা। কিন্তু এই এনআৰচিৰ সম্পূৰ্ণ তালিকা খনত অলপো সন্তুষ্ট নহয় আসাম পাব্লিক ৱৰ্কছ ।
আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই এনআৰচিখনত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কয়- 'অবৈধ বিদেশীৰ ৰক্ষকসকললৈ অভিনন্দন , আজি আপোনালোক সফল হ'ল।'
তেওঁ লগতে কয় যে পূৰ্বজন্মৰ কিবা পাপৰ ফলৰ বাবেহে এনআৰচিৰ কৰ্মীসকলে কাম কৰিব লগা হৈছিল। আজিৰ পৰা হয়তো তেওঁলোক মুক্ত হ'ল।
'যিসকল কৰ্মচাৰীয়ে কেইটামান টকাৰ বাবে নোহোৱাটোক হোৱা সজালে, যাৰ এলাহৰ বাবে বিভিন্ন সময়ত বিভিন্ন কাগজ ভালকৈ চালিজাৰি নোচোৱাকৈয়ে গ্ৰাহ্য কৰা হ'ল, সেইসকল কৰ্মচাৰীক হিয়াভৰা শুভেচ্ছা জনোৱাৰ লগতে যিসকলে শেষ মুহূৰ্তলৈকে নিষ্ঠাৰে কাম সমাপন কৰাৰ পিছতো বিভিন্ন পক্ষৰ বিভিন্ন পক্ষৰ অসহযোগী মনোভাৱৰ বাবে এনআৰচিক পূৰ্ণাংগ কৰিব নোৱাৰিলে সেইসকলকলৈ গভীৰ সমবেদনা জনাইছোঁ'- শৰ্মাই মন্তব্য কৰে।
তেওঁ লগতে কয় যে এনআৰচিখনক অসমীয়া জাতিৰ শক্তিশালী ৰাজহাঁড় হিচাপে তৈয়াৰ কৰিব পাৰিলে অনাদিকাললৈ ই ৰৈ গ'লহেতেন আৰু সোণালী আখৰেৰে কিছুমান মানুহৰ নাম অসমৰ ইতিহাসত খোদিত হৈ ৰ'লহেতেন । কিন্তু এতিয়া সেই আখৰৰ ৰং সোণালী নহয় এঙাৰ বৰণীয়া হে হ'ব'।
'আমি মূল আবেদনকাৰী হিচাপে খচৰা এনআৰচিৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিলোঁ।কিন্তু আমাৰ আবেদন গ্ৰাহ্য নকৰিলে'-শৰ্মাই মন্তব্য কৰে।
'এনআৰচিৰ বাবে খৰছ হোৱা ১৬শ কোটি টকাৰ হিচাপ লাগে ।প্ৰতীক হাজেলাৰ ওপৰত সন্দেহ আগৰে পৰা আছিল এতিয়া সন্দেহ সঁচা প্ৰমাণ হ'ল' বুলিও 'এপিডব্লিউ'ৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে।
তেওঁ লগতে কয়-'বিদেশী চিনাক্তকৰণৰ সলনি বিদেশীক স্বদেশী কৰিলে এনআৰচিয়ে । বহুতে বিদেশীৰ নামত দালালীয়েই কৰিলে ।জীৱনৰ দহটা বছৰ অথলে গ'ল আমাৰ"।
'৮৫৫জন শ্বহীদৰ বলিদান অথলে গ'ল। এনআৰচিৰ নামত টকা খোৱাসকলে মৰাৰ আগত হ'লেও বমি কৰিব লাগিব। ৪০বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই এনআৰচি' বুলি তেওঁ কয় ।
- Log in to post comments
- 12 views