নিউজ ডেস্ক:
জাতিৰ দলিল হিচাপে পৰিচিত হোৱা শনিবাৰে প্ৰকাশ পোৱা এনআৰচিক লৈ সুখী নহয় সদৌ অসম ছাত্ৰ সন্থা। এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে শনিবাৰে শ্বহীদ ন্যাসত আছু নেতৃত্বই এক সংবাদমেল সম্বোধন কৰি প্ৰকাশিত এন আৰ চি ত্ৰুটিপূৰ্ণ আখ্যা দিয়ে।
শনিবাৰে সম্বোধন কৰা সংবাদমেলত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।নাগৰিকপঞ্জীৰ পৰা কৰ্তন হোৱা সংখ্যাটো চৰকাৰে বিভিন্ন সময়ত প্ৰকাশ কৰা অবৈধ বিদেশীৰ সংখ্যাৰ কাষ নাচাপিল।সেয়েহে এতিয়া আমি সুখী নহয়।উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ক'ৰবাত ত্ৰুটি গ'ল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ নুঠিল বুলি অনুভৱ কৰিছোঁ।'
উক্ত সংবাদমেলত উপস্থিত থাকি 'আছু'ৰ সভাপতি দীপাংক নাথে এনআৰচি প্ৰক্ৰিয়াৰ ৰৈ যোৱা ক্ৰুটিসমূহ নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব বুলিও ঘোষণা কৰে।তাৰ বাবে অচিৰেই ৩০ জনগোষ্ঠীয় সংগঠন আৰু ৮ খন সাহিত্য সভাৰ সৈতে এনআৰচি বিষয়ত তেওঁলোক আলোচনাত মিলিত হ'ব বুলি জনায়।ইয়াৰ উপৰিও সমগ্ৰ প্ৰক্রিয়াটো লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বাবে ইতিমধ্যে অধিবক্তাৰ সৈতে যোগাযোগ কৰা বুলিও জানিবলৈ দিয়ে।'আছু'ৰ নেতৃত্বৰ বক্তব্য-'চৰকাৰে অসমৰ ৰাইজক এখন বিদেশীমুক্ত অসম উপহাৰ দিবলৈ সোণালী সুযোগ লাভ কৰিছিল।কিন্তু সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে চৰকাৰে।'
এই সন্দৰ্ভত আছু নেতৃত্বই প্ৰকাশ কৰা অনুসৰি "উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছিল, আছে আৰু থাকিব। এনআৰচিত ৰৈ যোৱা ত্ৰুটিৰ নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম।উচ্চতম ন্যায়ালয়ে এই বিষয়ত যথোচিত পদক্ষেপ ল'ব বুলি আমি বিশ্বাস ৰাখিছোঁ।'
আনহাতে,উক্ত সংবাদমেলত উপস্থিত থাকি 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়- 'শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সুযোগ সুবিধা পাইছিল। উভয় চৰকাৰৰ ব্যৰ্থতা প্ৰতিফলিত কৰি এই সুযোগ গ্ৰহণ কৰিবলৈ নোৱাৰিলে। আমাৰ বিষয়টো সংখ্যাক লৈ নহয়। আমাৰ দাবী বিভিন্ন সময়ত চৰকাৰী পক্ষই সংসদত প্ৰকাশ কৰি অহা বিদেশীৰ হিচাপৰ ওপৰতহে।'
ইফালে,এনআৰচিৰ প্ৰকাশত ক্ৰুটি ৰৈ যোৱা কাৰণ সন্দৰ্ভত আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় এনআৰচিৰ দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত ১০ টা নথিৰ ঠাইত ১৫ টা নথি গ্ৰহণ কৰাতো ক্ৰুটিপূৰ্ণ আছিল। দ্বিতীয়তে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ছোৱাত সঘনে বিষয়াসকলক বদলি কৰি থকা হৈছিল। ইয়াৰ উপৰিও অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ উদ্যোগত আপত্তি দাখিল কৰিব লাগিছিল,কিন্তু সেই আপত্তি চৰকাৰে দাখিল নকৰিলে। তাৰ উপৰিও আইনৰ ৪.৩ দফা ব্যৱহাৰ কৰি চৰকাৰে শুদ্ধ এনআৰচিৰ প্ৰকাশ কৰাটো যদি চৰকাৰে বিচাৰিলে হয়, তেন্তে চৰকাৰীভাৱে অনুসন্ধান ব্যৱস্থা কৰিব পাৰিলে হয়। ইয়াৰ উপৰিও যোৱা বর্ষত চৰকাৰীভাৱে এশৰো অবৈধ বিদেশীৰ নাম ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা নহ'ল। তাৰ বাবে আজি চৰকাৰে অবৈধ বাংলাদেশী নামমুক্ত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ চুড়ান্তভাৱে ব্যৰ্থ হ'ল।'
- Log in to post comments
- 17 views