নিউজ ডেস্ক :
অসমীয়া জাতিৰ দলিল স্বৰূপ এন আৰ চি ৰ সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজৰ বক্তব্য প্ৰকাশ কৰি কয় যে "যোৱা ৪০ বছৰে অসমৰ ৰাইজে জলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰি আছিল। তাৰ সমাধান হৈছে অসম চুক্তি। কিন্তু যোৱা ৩৪ বছৰে দিল্লী আৰু দিছপুৰত সকলো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে। কোনেও অসম চুক্তি ৰূপায়নৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধান নকৰিলে, সকলো ব্যৰ্থ হ'ল । এতিয়া অন্ততঃ অসম চুক্তিৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰবিচ্ছিন্ন তদাৰকত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছিল। অন্ততঃ অসম চুক্তিৰ এটা বিষয় আগবাঢ়িছে । আশা কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা বাবে এখন শুদ্ধ এন আৰ চি আমি লাভ কৰিব পাৰিম"।
"কাইলৈ দিনটো অসমৰ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। আমি চিন্তাত আছোঁ বিদেশী মুক্ত এন আৰ চি হ'ব নে নাই। কিন্তু আমি আশাত আছোঁ কাৰণ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাবধানত এই কাম আগবাঢ়ি আছে" বুলিও তেওঁ কয়।
তেওঁ লগতে কয় যে " দুটা চক্ৰই এন আৰ চি ৰ কামত বিধি পথালি দিয়াৰ বাবে কাম কৰি আছে। অসমৰ কেতবোৰ ৰাজনৈতিক দল , সাম্প্ৰদায়িক শক্তি আৰু কেতবোৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰই এই কাম কৰি আছে । তেওঁলোকে নিজৰ অবৈধ হিন্দু বাংলাদেশী ভোট বেংক, মুছলমান বাংলাদেশী ভোট বেংক সুৰক্ষিত কৰিবৰ কাৰণে এন আৰ চি ৰ বিষয়টোক লৈ জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। আন এটা অসম, ভাৰতৰ পৃথিৱীত থকা মানৱ অধিকাৰৰ নামত বা অজুহাতত কাম কৰি থকা এটা চক্ৰই অসমত অবৈধ বাংলাদেশী ৰক্ষনাবেক্ষণ দিবলৈ এন আৰ চি ৰ বিষয়ক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ কৰিছে"।
"অবৈধ বাংলাদেশীয়ে এন আৰ চিত ঠাই পালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ'ব" বুলিও তেওঁ মন্তব্য কৰে ।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় "নিজৰ ভোট বেংক ৰক্ষা কৰাৰ স্বাৰ্থত কংগ্ৰেছে মুছলমান বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ উচ্চ বাচ্য কৰিছে। তথা প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁলোকে ভাবিছিল মুছলমান বাংলাদেশীৰ নাম এন আৰ চিত কটা নাযাব। কিন্তু যেতিয়াই নামকটা যোৱাৰ উমান পালে তেতিয়াই তেওঁলোকে উঠি পৰি লাগিছে"।
ইপিনে" বিজেপি দলটোৱে হিন্দু বিদেশীৰ নাম কটা যোৱাৰ বাবে তেওঁলোকৰ ভোট বেংক ৰক্ষা নহ'ব বুলি ভাবিছে। তাৰ স্বাৰ্থতেই তেওঁলোকে এন আৰ চি প্ৰকাশৰ সময়তে এই ধৰণৰ কাম কাজ আৰম্ভ কৰিছে" ।
"চৰকাৰৰ আক্ৰমণৰ লক্ষ্য প্ৰতীক হাজেলা হোৱাৰ মূল কথাটো হৈছে তেওঁলোকে যি দায়িত্বসহকাৰে কাম কৰিব লাগিছিল সেই দায়িত্বসহকৰে কামবোৰ কিন্তু নকৰিলে । ইয়াৰ পৰা হাত সাৰিবলৈকে
হাজেলাক এতিয়া আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে" বুলিও তেওঁ কয়।
তেওঁ আৰু কয় যে "বিজেপিৰ হাতত এখন শুদ্ধ এন আৰ চি অসমৰ জনগণক দিয়াৰ সুবৰ্ণ সুযোগ আহিছিল। কিন্তু তেওঁলোকে নিজৰ জাতীয় দায়িত্ব সুচাৰুৰূপে পালন নকৰিলে। তেওঁলোকে ৪.৩ প্ৰয়োগ কৰিব লাগিছিল যদিও নকৰিলে। বা বিধানসভাটো এই বিষয়ে আলোচনা নকৰিলে। আনকি মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি কোনো সাংসদ, মন্ত্ৰী বিধায়কে ৪.৩ বিষয়টো উত্থাপন নকৰিলে। আপত্তি প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰটো কোনো এটা ৰাজনৈতিক দলে একো পদক্ষেপ গ্ৰহণ নকৰিলে"।
- Log in to post comments
- 10 views