নিউজ ডেস্ক:
বিভিন্ন দাবীৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যই ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছএফআই)ক দিয়া ইতিবাচক আশ্বাসত লক্ষীধৰ বৰা ক্ষেত্ৰত শুকুৰবাৰে সংগঠনটোৱে ছাত্ৰ বিজয় সমাৱেশৰ আয়োজন কৰে ৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যই যোৱা ২৮ আগষ্টত এছএফআইৰ এক সঁজাতী দলৰ সৈতে বৈঠকত মিলিত হৈ সংগঠনটোৱে উত্থাপন কৰা বিভিন্ন দাবী আৰু ইয়াৰ সৈতে যুক্ত হৈ থকা পৰামৰ্শৱলীসমূহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ২৯ আগষ্টত পঞ্জীয়কৰ জৰিয়তে এক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে।
সংগঠনটোৱে যোৱা ৩ জুলাই তাৰিখেই পূৰ্বৰ উপাচাৰ্যলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল।এই স্মাৰকপত্ৰৰ ভিত্তিতেই প্ৰতিনিধি দলটোৰ সৈতে আলোচনাত মিলিত হৈছিল।নৱনিযুক্ত উপাচাৰ্যই চিবিচিএছৰ বিভিন্ন দিশৰ সংস্কাৰ হ'ব বুলি জনোৱাৰ বাবে ছাত্ৰ বিক্ষোভৰ সলনি ছাত্র বিজয় সমাৱেশ অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে এছএফআইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে।
সলনি হ'ব লগা চিবিচিএছ পদ্ধতিৰ পৰীক্ষাৰ দাবীসমূহ আছিল -পৰীক্ষা শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত পৰীক্ষা ফলাফল ঘোষণা ৷
গ্ৰেডিং ব্যৱস্থাৰ আসোঁৱাহ দূৰ কৰা ৷পুনৰ মূল্যাংকনৰ তিনিস্তৰীয়া ব্যৱস্থা উঠাই দিয়া ৷ বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা ৷ ৭৫% উপস্থিতি বাধ্যতামূলক ব্যৱস্থা উঠাই লোৱা ৷
আনহাতে,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কে কিছুদিনৰ পূৰ্বে বাতৰি কাকতত এছএফআইৰ বিৰুদ্ধে চিবিছিএছক লৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছিল,সেয়া নৱনিযুক্ত উপাচাৰ্যই চিবিছিএছ সলনিক লৈ দিয়া আশ্বাসৰ পৰাই সম্পূৰ্ণৰূপে মিছা প্ৰমাণিত হ'ল বুলি মন্তব্য কৰে এছএফআইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে।
- Log in to post comments
- 3 views