বিগত দুবছৰত ভাৰতীয় অৰ্থনীতি যথেষ্ট নিম্নগামী হৈছে-সাংসদ প্ৰদ্যুৎ বৰদলৈ

bordoloi

শুকুৰবাৰে ৰাজীৱ ভৱনত নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এখন সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলখন সম্বোধন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে  কয়- 'ভাৰতৰ অৰ্থনীতি এতিয়া বৃহৎ সংকটকালীন অৱস্থাত আছে।যোৱা দুটা বছৰত ভাৰতৰ অৰ্থনীতি যথেষ্ট নিম্নগামী হৈছে।'


'কালি গুৱাহাটীত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে পৃথিৱীৰ ভিতৰত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে শক্তিশালী অর্থনীতি।কিন্তু তেওঁ সম্পূৰ্ণ মিছা কৈছে আৰু বিজেপি দলটো মিছা কোৱাত পাকৈত' -সাংসদগৰাকীয়ে মন্তব্য কৰে। 


 তেওঁ লগতে কয়-মোডী চৰকাৰৰ দিনত যদি ভাৰতৰ অৰ্থনীতি ২.৩ ত্ৰিলিয়ন ডলাৰৰ পৰা ৫ ত্ৰিলিয়ন ডলাৰলৈ যায় তেন্তে বিজেপিৰ মুখত ফুল-চন্দন পৰক।১৯৫১ চনৰ পিছত ভাৰতৰ অৰ্থনীতি এপদ এপদকৈ বৃদ্ধি হৈছিল, যোৱা দুবছৰত ভাৰতৰ অৰ্থনীতি নিম্নগামী হৈছে।'


'বৃহস্পতিবাৰে গুৱাহাটীত বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কংগ্ৰেছৰ দিনত বহু ব্যৱসায় বন্ধ হৈছিল বুলি কংগ্ৰেছক গালি পাৰিলে । কিন্তু এতিয়া অটো'মোবাইল খণ্ডত ৩ লাখ মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে । ইতিমধ্যে ৩১০ টা ডিলাৰ বন্ধ হৈ গৈছে।ছফ্টৱেৰ খণ্ডৰ ৭০০ কৰ্মচাৰীক চাটাই কৰিছে। এই পদ্ধতিৰে চলি থাকিলে বস্ত্ৰ উদ্যোগৰ পৰা ৩ কোটি লোকৰ চাকৰি নাইকিয়া হ'ব। সকলোতে এনেধৰণে চলি থাকিলে কেতিয়াও নিবনুৱা সমস্যা সমাধান নহয়। আগতে নিবনুৱা সমস্যা এনেকৈ কেতিয়াও বৃদ্ধি পোৱা নাছিল'-বৰদলৈয়ে কয়।
 

তেওঁ আৰু কয় যে  ৰিজাৰ্ভ বেংকৰ সাঁচতীয়া ভাণ্ডাৰৰ পৰা ১.৭৬ লাখ কোটি টকা উলিয়াই নিবলৈ বিচাৰিছে বিজেপি চৰকাৰে।সেই টকা ক'ত খৰছ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সুধিব বিচাৰিছোঁ। সীতাৰমণে ভাবিছে অসমৰ মানুহ বুৰ্বক। কিন্তু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা দাবী জনাইছোঁ এনেধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় ল'বলৈ চেষ্টা নকৰিব।'


'এটুকুৰা জুই ফটাকানিৰে ঢাকি ৰাখিব পৰা নাযায়'-প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে। 


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সুধিছোঁ-'ডেৰ বছৰৰ আগতে এডভান্টেজ আছাম পাতিলে।এয়া পাতি তেওঁলোকে ক'লে যে এবছৰত এক লাখ কোটি টকা বিনিয়োগ হ'ব। কিন্তু ক'ত গ'ল সেই প্ৰতিশ্ৰুতি?ক'ত বিনিয়োগ হৈছে জনাওক।মই জনাত উদ্যোগৰ পৰিসৰ সংকুচিত হৈ গৈ আছে। কিমানক কৰ্মসংস্থাপন দিলে? কিমান উদ্যোগক ধন বিনিয়োগ কৰিলে?ইমান ডাঙৰ চলনা কেতিয়াও আগতে হোৱা নাছিল।'


আনহাতে,এনআৰচিৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে শুদ্ধ এনআৰচি প্ৰকাশ হোৱাটো বিচাৰিছোঁ। বিজেপি দলে কেইদিনমান আগৰ পৰা পশ্চাৎমুখী কাম- কাজ কৰিবলৈ চেষ্টা কৰিছে। শুদ্ধ এনআৰচি প্ৰকাশত বিজেপিয়ে বিধি-পথালি দিছে।শেহতীয়াকৈ প্ৰতীক হাজেলাক আক্ৰমণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কাম-কাজতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছে।

'এনআৰচিৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় মানুহক আইনী সাহায্য প্ৰদান কৰিব প্ৰদেশ কংগ্ৰেছে। বিনাপইচাৰে দুখীয়া নাম বাদ পৰা ভাৰতীয়ক সহায় কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক সহায় কৰিবলৈ বিচাৰিছে। কংগ্ৰেছে হিন্দু-মুছলমানকে ধৰি জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নাম বাদ পৰা ভাৰতীয়ক সহায়ৰ হাত আগবঢ়াম'-সাংসদ বৰদলৈয়ে মন্তব্য কৰে ।

Your Comments