নিউজ ডেস্ক:
অসমীয়া ভূমিপুত্ৰসকলে কেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈছে সেয়া একমাত্ৰ তেওঁলোকেহে বুজিছে। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ কৰাত অসমৰ ভূমিপুত্ৰ সকলৰ মাজত কোনো ধৰণৰ শংকা সৃষ্টি হ'ব নোৱাৰিব। বৃহস্পতিবাৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমে এনআৰচি সন্দৰ্ভত এখন সংবাদমেলত এইদৰে কয়। ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাবলৈ মাজত মাথোঁ এটা দিন বাকী। যাৰ বাবে এতিয়া সৰৱ হৈ উঠিছে সকলো দল সংগঠন। সংবাদমেলত সম্বোধন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেনসিং ৰাভাই কয় যে, "৩১ আগষ্টত প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীত বহু জনজাতীয় আৰু খিলঞ্জীয়াৰ নাম বাদ পৰাৰ বিপৰীতে সহস্ৰাধিক সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে"। এই এনআৰচি-ত যদি এজনো খিলঞ্জীয়া জনজাতীয় লোকৰ নাম বাদ পৰে তেনেহলে সেয়া অতি দুৰ্ভাগ্য জনক কথা। আৰু তেনেকুৱা এন আৰ চি আমাক নালাগে, বৰং তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।"
তেওঁ লগতে কয় যে " প্ৰথমৰ পৰাই লিগেচী ডাটা ভাড়াত ব্যৱহাৰ হৈ আহিছে। ইয়াক লৈ এতিয়া লিগেচী ডাটা ভাড়া দিয়া লোকসকলৰ ভয় আৰম্ভ হৈছে"। আনহাতে ৬ নং দফা কাৰ্যকৰীকৰণৰ কথা উল্লেখ কৰি ৰাভাই কয় যে "৬ নং দফা কাৰ্যকৰীকৰণ কৰিলে অসমত বসবাস কৰা ভূমিপুত্ৰ সকলৰ মাজত যাতে অসম চুক্তিৰ সময়ত যি শংকা হৈছিল সেই সংশয় বা শংকা যাতে সৃষ্টি নহয়"। লগতে তেওঁ কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক এতিয়া অসমীয়া বুলি ক'লেও কোনেও নিজকে অসমীয়া বুলি মানি ল'ব নিবিচাৰে।
আনহাতে একেখন সংবাদমেলত উপস্থিত থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে "এনআৰচি-ত যিসকল সন্দেহযুক্ত নাগৰিকৰ নাম সোমাইছে সেইসকলক উলিয়াবৰ বাবে ইয়াত ব্যৱস্থাও কৰিব লাগে। ইয়াত কোনো কেৰোণ থাকিব নালাগে আৰু অসমৰ জনজাতিসকল সুৰক্ষিত হ'ব লাগে" " ২০০৬ চনৰ বন অধিকাৰ স্বীকৃত আইন অনুসৰি জনজাতি বনবাসী আৰু ভূমিহীন জনজাতিৰ লোকসকলক চৰকাৰে ভূমিপট্টা দিব লাগিছিল। কিন্তু আজি লৈকে ৮০% লোকক ভূমিপট্টা দিয়া নাই, যাৰ ফলত সেই অঞ্চলত বসবাস কৰা জনজাতি লোকসকলে বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে" বুলিও প্ৰমোদ বড়োয়ে মন্তব্য কৰে। গতিকে চৰকাৰে সেই বঞ্চিত লোকসকলক অতি শীঘ্ৰে ভূমিপট্টা দিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়। সংবাদমেলত সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ ডিমাছা ছাত্ৰ সন্থাকে ধৰি আন বহুতো জনজাতি সংগঠনৰ মুৰব্বীসকল উপস্থিত আছিল।
- Log in to post comments
- 38 views