এনআৰচিৰ নামত এটা বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰা হৈছে।এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ মাজত মাথোঁ এটা দিন থাকোতে হিয়েৰিঙৰ প্ৰয়োজন কি?বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে।
তেওঁ লগতে কয়-'মুছলিম ছাত্ৰ সন্থা অসমে এনআৰচিৰ পূৰ্ণ সমৰ্থন জনাই আহিছোঁ।এনআৰচিৰ চূড়ান্ত তালিকাত যদি অসমৰ এজন লোকৰ নামো বাদ পৰে তেনেহলে আমি সহ্য নকৰোঁ। ইয়াৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰিবলৈও আমি সাজু।'
ইফালে,বিজেপি বিধায়ক শিলাদিত্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে শিলাদিত্য আচলতে প্ৰকৃত খিলঞ্জীয়া হয়নে নহয়,সি ৰহস্যজনক।অসমত যদি কিবা নহ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়,তেনেহ'লে তাৰ বাবে শিলাদিত্য দায়ী হ'ব। শিলাদিত্য বাংলাদেশী হয়। শিলাদিত্যই সাম্প্ৰদায়িক মন্তব্য কৰি ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিবলৈ বিচাৰিছে।
আনহাতে,মুছলিম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে কয়- 'উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো এটা সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰিছে। অসম চৰকাৰে ফুলৰ মালা পিন্ধাই বিদেশীক আদৰিব বিচাৰিছে।শিলাদিত্য দেৱক শীঘ্ৰে আটক কৰক,নহ'লে তীব্ৰ আন্দোলন কৰিম।'
- Log in to post comments
- 37 views