যোৱা ৭২ বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ দুগৰাকী প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ জীৱনশৈলী আৰু ৰাজনৈতিক দৰ্শনৰ পৃথকতা থকা সত্ত্বেও, তেওঁলোকৰ ব্যক্তিত্বৰ বিশিষ্টতা, চিন্তা-ভাৱনাৰ, মানৱিকতাবাদী চেতনা আৰু দেশাত্মবোধৰ গভীৰতাৰে ৰাষ্ট্ৰ নেতাৰ উচ্চতম স্থানৰ মৰ্যাদাৰ পৰিচয় দান কৰি গৈছে ৷
এই দুগৰাকী হ’ল পণ্ডিত জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ী ৷ এই কথাও প্ৰসংগ ক্ৰমে উল্লেখনীয় যে দুয়োৰে ৰাজনৈতিক দৰ্শনৰ ভিন্নতা সত্ত্বেও প্ৰধান মন্ত্ৰী জাৱাহৰলাল নেহৰুৱে বাজপেয়ীক ভৱিষ্যতৰ ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব বুলি শুভেচ্ছা জনাইছিল ৷
জাতি-ধৰ্ম, ভাষা-সম্প্ৰদায় নিৰ্বিশেষে দুয়োজনেই যথাৰ্থতে মানুহক মানুহ হিচাপে জ্ঞান কৰিছিল ৷ মতাদৰ্শ ভিন্ন হ’ব পাৰে, ধৰ্ম-দেশ পৃথক হ’ব পাৰে, এনে পৃথকতাই মানুহ হিচাপে মানুহক ভাল পোৱাত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব নোৱাৰে বুলি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজ সচেতক ডঃ নগেন শইকীয়াই কয় ৷
ডঃ নগেন শইকীয়াই অতি গুৰুত্বসহকাৰে কয় যে বাজপেয়ীৰ দৰে ৰাষ্ট্ৰ নায়কক কোনেও কেতিয়াও সাম্প্ৰদায়িকতাৰ ৰঙেৰে ৰঙাব নোৱাৰে ৷ কাৰণ তেখেতৰ হিন্দুত্ব আছিল যথাৰ্থতে ভাৰতীয়ত্ব ৷
তেখেতৰ বিয়োগ যে সদৰ্থকভাৱে সকলোৱে গ্ৰহণ কৰি আমাৰ দেশখনৰ সাম্প্ৰদায়িকতাই ক্ৰিয়া কৰিব নোৱাৰাকৈ এখন যথাৰ্থতে আদৰ্শনীয় দেশলৈ ৰূপান্তৰ কৰিবলৈ যত্নপৰ হোৱাত দেশবাসীয়ে আত্মনিয়োগ কৰিব পাৰে ৷
এই বাঞ্ছাৰে এই মহান মানুহ আৰু দেশক ভালপোৱা ৰাষ্ট্ৰ নায়কগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাইছে ডঃ নগেন শইকীয়াই ৷
- Log in to post comments
- 12 views