অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ ফলত অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে৷ এনে পৰিস্থিতিত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ লাগিবই৷’ এই বক্তব্য সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ৷ উল্লেখ্য যে যোৱা ২৬ আগষ্টত গুৱাহাটীৰ ছহিদ ভৱন সভাকক্ষত বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, মিচিং সাহিত্য সভা, তিৱা সাহিত্য সভা, দেউৰী সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাছা সাহিত্য সভা, গাৰো সাহিত্য সভাৰ সামূহিক মঞ্চ, খিলঞ্জীয়া জনজাতি সাহিত্য সভা, অসমৰ সভাপতি গোবিন্দ টাইড, সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী প্ৰমুখ্যে সাহিত্য সভাৰ নেতৃবৰ্গৰ সৈতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এক যৌথ আলোচনাত মিলিত হয়৷ উক্ত আলোচনাত সাংবিধানিক ৰক্ষাকৱচ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত বিশদ আলোচনা কৰা হয়৷
উক্ত বৈঠকত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অসম চুক্তিৰ ৬নং দফাৰ উচ্চস্তৰীয় সমিতিয়ে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত আলোচনা কৰা হয়৷ স্থানীয় নিকায়, বিধানসভা, সংসদত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন আন খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ; অসমীয়া আৰু জনজাতীয় তথা অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাসমূহলৈ সুৰক্ষা প্ৰদান, অসম চৰকাৰ, অসমত অৱস্থিত কেন্দ্ৰীয়-অৰ্ধকেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ডৰ অধীনত থকা প্ৰকল্পসমূহত নিয়োগ সংৰক্ষণ, অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা, অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্য সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ বাবে ল’বলগীয়া অন্যান্য ব্যৱস্থাৱলীৰ ওপৰত সঁচা অৰ্থত ফলাফল লাগিবই বুলি সভাই স্পষ্ট মত প্ৰকাশ কৰে৷ যৌথ সভাই স্পষ্ট আৰু দৃঢ়তাৰে কয় যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, নিয়ন্ত্ৰণ থাকিবই লাগিব৷ আনহাতে, অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সদায়েই নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব বুলিও সভাই দৃঢ়তাৰে উল্লেখ কৰে৷
ইফালে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত যৌথসভাই কয়, ‘উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে৷’ উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা প্ৰক্ৰিয়াৰ অন্তত ৩১ আগষ্টৰ প্ৰাক্-মুহূৰ্তত ৰজাঘৰ, বিভিন্ন ৰাজনৈতিক শক্তি, বিভিন্ন পক্ষৰ পৰা জনসাধাৰণৰ মাজত চলাব বিচৰা বিভ্ৰান্তি, ষড়যন্ত্ৰ বন্ধ কৰিবলৈ সভাই সতৰ্ক কৰি দিয়ে৷ আনহাতে, বিভিন্ন পক্ষই নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ বাবে অবৈধ হিন্দু বাংলাদেশী, অবৈধ মুছলমান বাংলাদেশীক সুৰক্ষিত কৰিবলৈ চলোৱা কাৰ্যকলাপ বন্ধ কৰিবলৈও যৌথসভাই সত্ৰক কৰি দিয়ে৷
অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা প্ৰক্ৰিয়াৰে এখন অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ নাগৰিকপঞ্জী লাগিবই বুলি সভাই মত পোষণ কৰে৷ ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীৰ পৰা কেনেবাকৈ কোনোবা জনজাতীয় বা খিলঞ্জীয়া লোকৰ নাম বাদ পৰিলে তেনে লোকক ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া সাহিত্য সভা, অসমে সহযোগ কৰিব বুলিও প্ৰকাশ কৰে৷ লগতে যৌথসভাৰ স্পষ্ট দাবী, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা অবৈধ বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিবই লাগিব৷ আনহাতে, ৩১ আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দিনটোত শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈও অসমৰ জনসাধাৰণলৈ আহ্বান জনায় যৌথসভাই৷
- Log in to post comments
- 16 views