অসমত ধানৰ বীজ উৎপাদন সম্পৰ্কত 'এপাৰ্ট'ৰ অধীনত আলোচনা

apart

অসমত ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন সমস্যা,সম্ভাৱনীয়তাৰ লগতে চাপ সহনশীল ধানৰ জাতৰ গ্রহণযোগ্যতা বৃদ্ধি কৰাৰ ওপৰত এপার্টৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা ইণ্টাৰনেচনেল ৰাইচ ৰিছাৰ্চ চেণ্টাৰ (ইৰি)ৰ সহযোগত বিশ্ববিদ্যালয়ৰ বিজ্ঞানী,কৃষি বিভাগ অসম, এৰিয়াছ ছ’চাইটী, অসম বীজ প্ৰামাণীকৰণ অভিকৰণৰ বিষয়া, বীজ উৎপাদনকাৰী সংস্থা, ডীলাৰ, বিভিন্ন জিলাৰ পৰা অহা কৃষক উৎপাদন সংঘ আৰু প্ৰগতিশীল কৃষকৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ত ২৮ আগষ্ট, ২০১৯ তাৰিখে এক আলোচনা সম্পন্ন হয়৷ সভাখন আঁতধৰে বিশ্ববিদ্যালয়ৰ 'এপাৰ্ট' আঁচনিৰ সমন্বয়ক ভাস্কৰ মহন্তই৷ মুখ্য বিজ্ঞানী ডঃ ৰূপম বৰগোহাঞিয়ে  অহা কেইবছৰত বীজৰ চাহিদাৰ কথা দোহাৰি উৎপাদনত গুৰুত্ব দিবলৈ কৃষক ৰাইজক আহ্বান জনায়৷ সহযোগী গৱেষণা সঞ্চালক ডঃ মৃণাল শইকীয়াই এই সভাখন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বুলি কয়৷ ইৰিৰ সমন্বয়ক ডঃ কৌৰ সিঙে এপাৰ্টৰ জৰিয়তে বীজ উৎপাদনত লোৱা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰায়৷ লগতে এই আঁচনিসমূহৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ ইৰিৰ বীজ বিশেষজ্ঞ স্বতি নায়কে এপার্টৰ বৰ্তমান অসমত চলি থকা বিভিন্ন আঁচনিসমূহত বীজ উৎপাদন এক মুখ্য উপাদান হিচাপে ল’লে অসম বীজৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাটো নিশ্চিত বুলি কয়৷ কৃষি বিভাগৰ বিষয়া মধুৰাম পাটিৰ, বীজ প্ৰামাণীকৰণ অভিকৰণৰ উপ-সঞ্চালক প্ৰকাশ বৰাই সভাত বীজৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহ ব্যাখ্যা কৰে৷

apart

সভাত বিজ্ঞানী, বিষয়া আৰু কৃষকসকলক বিভিন্ন দলত ভাগ কৰি দলগত আলোচনাৰ জৰিয়তে অসমৰ বীজ উৎপাদনৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা, সম্ভাৱনীয়তাৰ ওপৰত প্ৰতিটো দলে এক বিশ্লেষণ আগবঢ়ায়৷ এই আলোচনাৰ আঁতধৰে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক এম পি ৰৌনিয়াৰে।  সভাখনত বীজ উৎপাদনৰ ক্ষেত্ৰত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বিভিন্ন  অনুষ্ঠান-প্ৰতিষ্ঠানে কিদৰে বীজ উৎপাদনৰ ক্ষেত্ৰখনিত কৃষকক সহযোগিতা আগবঢ়াই বীজ উৎপাদনৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰিব তাৰ ওপৰত এক কাৰ্যপন্থা তৈয়াৰ কৰে৷

Your Comments