কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে পুনৰুজ্জীৱিত হোৱা নাই নগাঁও-কাছাৰ কাগজ কল- দেৱব্ৰত শইকীয়া

কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে পুনৰুজ্জীৱিত হোৱা নাই নগাঁও-কাছাৰ কাগজ কল- দেৱব্ৰত শইকীয়া

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সন্থাৰ যুটীয়া উদ্যোগত অনশন, পথ অৱৰোধ আদি প্ৰতিবাদী কাৰ্যসূচী ল’বলগীয়া হোৱাৰ বাবে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক গৰিহণা দিছে ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বি়জ্ঞপ্তিযোগে বিৰোধী দলপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে ৷ বি়জ্ঞপ্তিটোত শইকীয়াই কয় যে অসমৰ কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণ কেৱল কেন্দ্ৰীয় চৰকাৰৰ হেমাহি আৰু ৰাজ্য চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বাবে ইমান দিনে সম্ভৱ হৈ উঠা নাই ।

কেন্দ্ৰীয় গুৰু উদ্যোগ তথা ৰাজহুৱা উদ্যোগ মন্ত্ৰণালয়ে কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণ প্ৰস্তাৱ অনুমোদন জনোৱাৰ পিছতো প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে ব্যক্তিগত খণ্ডৰ কিছু প্ৰতিষ্ঠানৰ হেঁচাত সংশ্লিষ্ট ফাইলটো ধোঁৱাচাঙত তুলি থৈছে আৰু ৰাজ্য চৰকাৰে অসমৰ প্ৰতি কৰা এনে অন্যায় নীৰৱে চাই আছে ।

প্ৰধান মন্ত্ৰী তথা মুখ্য মন্ত্ৰী উভয়ে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণ কৰিম বুলি দিয়া প্ৰাক্‌-নিৰ্বাচনী প্ৰতিশ্ৰুতি এতিয়া প্ৰতাৰণালৈ পৰিণত কৰিলে বুলি অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ।

কাগজ কল দুটাৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গ, বাঁহ খেতিয়ককে আদি কৰি প্ৰায় ২ লাখ লোকৰ দুৰৱস্থালৈ লক্ষ্য ৰাখি মুখ্য মন্ত্ৰীয়ে তৎক্ষণাত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ক পুনৰুজ্জীৱিতকৰণ প্ৰস্তাৱৰ ফাইলটো অনুমোদন জনাবলৈ বাধ্য কৰাব লাগে বুলিও দেৱব্ৰত শইকীয়াই উল্লেখ কৰে ৷

Your Comments