'চন্দ্ৰযান-২'-এ তোলা ছবিত ধৰা দিয়া কোন এইজন চন্দ্ৰপৃষ্ঠৰ মিত্ৰ ?

chandra jan

নিউজ ডেস্ক:
'চন্দ্ৰযান-২'-এ চন্দ্ৰপৃষ্ঠৰ উচ্চমানৰ আলোকচিত্ৰ প্ৰেৰণ কৰিছে ইছৰ'লৈ।আলোকচিত্ৰত স্পষ্ট হৈছে চন্দ্ৰপৃষ্ঠৰ বৃহৎ গাঁতসমূহ।বিভিন্ন দেশৰ আগশাৰীৰ বিজ্ঞানী,মহাকাশচাৰীৰ নামত থকা গাঁতসমূহৰ ভিতৰত প্ৰয়াত ভাৰতীয় পদাৰ্থ বিজ্ঞানী শিশিৰ কুমাৰ মিত্ৰৰ নামত চিহ্নিত 'মিত্ৰ' নামৰ গাঁতটোও স্পষ্ট হৈছে।chandrajan

উল্লেখ্য যে ৰেডিঅ'ফিজিক্স আৰু আয়নমণ্ডলৰ অধ্যয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে স্মৰণীয় পদ্মভূষণ শিশিৰ কুমাৰ মিত্ৰ।চন্দ্ৰযান-২-এ চন্দ্ৰৰ পৰা ৪,৩৭৫ ফুট উচ্চতাৰ পৰা টিএমচি-২ কেমেৰাৰ দ্বাৰা এই আলোকচিত্ৰ ২৩ আগষ্টত গ্ৰহণ কৰিছিল।

Your Comments