নিউজ ডেস্ক :
উৎকট গৰমৰ বাবে মহানগৰীৰ জিলা প্ৰশাসনে ২৭ আৰু ২৮আগষ্টত কামৰূপ(ম) জিলাত ঘোষণা কৰা শিক্ষানুষ্ঠান বন্ধ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। কিছুসময় পূৰ্বে মহানগৰ জিলা প্ৰশাসনে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে এই কথা। উল্লেখ যে মহানগৰীত গৰম ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে মঙলবাৰ আৰু বুধবাৰে কামৰূপ(ম) জিলাখনত সকলো চৰকাৰীৰ আৰু বে-চৰকাৰী বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু ঘোষণা কৰাৰ কিছুসময় পাছতেই জিলাখনত বতৰ সলনি হয় আৰু বৰষুণ হয়।ফলৰ পূৰ্বতে ঘোষণা কৰা বন্ধ প্ৰত্যাহাৰ কৰাৰ কথা পুনৰ ঘোষণা কৰে জিলা প্ৰশাসনে।
উল্লেখ যে জিলাখনত যোৱা কেইবাদিনো ধৰি ক্ৰমে বৃদ্ধি পাইছিল গৰম।বহু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে গৰমত বিদ্যালয়ত বা বিদ্যালয় পৰা অহাৰ সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। ফলত জিলা প্ৰশাসনক বিদ্যালয় সমূহৰ কৰ্তৃপক্ষই আহ্বান জনাইছিল বন্ধ ঘোষণা কৰাৰ বাবে।
- Log in to post comments
- 7 views