ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ পূৰ্ণাঙ্গ মূৰ্ত্তি স্থাপনৰ প্ৰস্তুতি কলিয়াবৰত

bhupen

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ কলিয়াবৰৰ প্ৰতি আছিল এক বিশেষ টান। ইয়াৰ প্ৰমাণ ভূপেন হাজৰিকাই স্থাপন কৰি যোৱা কুঠৰী ঘৰটো। কলিয়াবৰবাসীৰ ৰাইজে এই বিশ্ববৰেণ্য শিল্পী গৰাকীৰ স্মৃতি যাউতিযুগীয়া কৰি ৰাখিবৰ বাবে হাস্পতাল চাৰিআলিৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ভূপেন হাজৰিকাৰ এটি পূৰ্ণাঙ্গ মূৰ্ত্তি স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰাজহুৱা সভাত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাই ভূপেন হাজৰিকাৰ পূৰ্ণাঙ্গ মূৰ্ত্তি স্থাপনৰ সিদ্ধান্তক লৈ যথেষ্ট আনন্দিত। কিয়নো তেওঁ এসময়ত ভূপেন হাজৰিকাৰ শিষ্য আছিল আৰু অজি জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই মহান শিল্পীগৰাকীৰ পূৰ্ণাঙ্গ মূৰ্ত্তি স্থাপনে গুৰু-শিষ্যৰ মিলনতীৰ্থলৈ পৰিণত কৰিব বুলি আবেগিকভাৱে সভাত বক্তব্য ৰাখে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। দিলীপ বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঞি,  চূড়ামণি বৰঠাকুৰপুলিন হাজৰিকাপুষ্পেন্দ্ৰ শইকীয়াতৰুণ মুক্তিয়াৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে। কেশৱ মহন্তক মুখ্য পৃষ্ঠপোষকদিলীপ বৰদলৈক সভাপতি,  বিপুল হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰুদ্ৰাংকুৰ হাজৰিকা আৰু নিকু ভাগৱতীক লৈ সভাত সৰ্বসন্মতি ক্ৰমে এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়ে। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ পূৰ্ণাঙ্গ মূৰ্ত্তি স্থাপনৰ কথা জানিব পাৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শলাগ লোৱাৰ লগতে পূৰ্ণাঙ্গ মূৰ্ত্তি নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উদ্যোক্তাসকলক প্ৰতিশ্ৰুতি দিয়ে।

Your Comments