গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত 'ষ্টুডিঅ' অসমৰ আলোকচিত্ৰৰ প্ৰতিযোগিতাৰ লগতে প্ৰদৰ্শনী সম্পন্ন 

photography

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ বিশেষ প্ৰতিবেদন :

অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ কলা-সংস্কৃতি, মঠ-মন্দিৰ, বন্যপ্ৰাণী আদিক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে ২০১৭ বৰ্ষৰ ২৮ জানুৱাৰী তাৰিখে জন্ম হৈছিল ষ্টুডিঅ' অসম নামৰ ছ'চিয়েল মিডিয়াৰ ফেচবুক গ্ৰুপটো । কেৱল ভাৰতবৰ্ষতেই সীমাবদ্ধ নাথাকি গঠনমূলক চিন্তাধাৰাৰে আগবাঢ়ি যোৱা এই গ্ৰুপটোৱে যোৱা তিনি বছৰ ভিতৰতেই সমগ্ৰ বিশ্বক সামৰি লৈছে । বৰ্তমান ২৭ হাজাৰৰো অধিক সদস্যৰে পৰিৱেষ্টিত এই গ্ৰুপটোৰ পৰিচালকৰ দ্বায়িত্বত আছে গুৱাহাটীৰ বিশ্বজিৎ সাহা আৰু বিজু দাস।গঠনমূলক চিন্তাধাৰাৰে নৱপ্ৰজন্মক সৃজনীপ্ৰতিভা বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া এই গ্ৰুপটোৱে যোৱা ইং ১৮ আগষ্টৰ পৰা ২৪ আগষ্ট ২০১৯ লৈ অনুষ্ঠিত কৰা গুৱাহাটী মহানগৰস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনৰ আৰ্ট গেলাৰিৰ মজিয়াত বিশ্ব আলোকচিত্ৰ দিৱস,২০১৯ৰ লগত সংগতি ৰাখি এখনি আলোকচিত্ৰ প্ৰদৰ্শনীৰ লগতে প্ৰতিযোগিতাখন সফলৰূপে সম্পন্ন কৰে।যোৱা ১৮ আগষ্ট ২০১৯ ৰ দিনা গিৰিণ শৰ্মাৰ সভাপতিত্বত উদ্ধোধনী সভা অনুষ্ঠিত হয় ।photo

প্ৰথমতেই গুৰু জনাৰ নাম লৈ বন্তি প্ৰজ্বলন কাৰ্য্যসূচীভাগ আৰম্ভ কৰে ড° সিমান্ত কলিতাই । ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ সংবাদকৰ্মী তথা বিভিন্ন কাকত আলোচনীৰ লিখক পল্লৱ দ্বিজেন উপস্থিত থকাৰ লগতে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে। কালি ২৪ আগষ্ট তাৰিখে গিৰিণ শৰ্মাৰ সভাপতিত্বত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এন ই ইণ্ডিয়া চেন্টাৰ ফৰ এনভাইৰমেন্ট ইডোকেচনৰ প্ৰকল্প সঞ্চালক ড° সিমান্ত কলিতাৰ লগতে নিৰ্বাচক মণ্ডলীৰ দ্বিজেন তালুকদাৰ আৰু অঞ্জন ডেকা। উক্ত বিশিষ্ট লোককেইজনে নিজ ভাষণ প্ৰসংগত আলোকচিত্ৰৰ লগত জড়িত বিভিন্ন দিশ সন্দৰ্ভত বিশেষ মন্তৱ্য প্ৰদান কৰে । উক্ত আলোকচিত্ৰ প্ৰদৰ্শনীত দেশ বিদেশৰ সৰ্বমুঠ ৪৯ জন প্ৰতিযোগীৰ মুঠ ১১৭ খন আলকোচিত্ৰ প্ৰদৰ্শিত কৰা হয় ।photo2

উল্লেখ্য যে প্ৰতিযোগিতা খনৰ  বিশেষ আকৰ্ষণ আছিল জৰ্ডান আৰু বাংলাদেশৰ প্ৰতিযোগিয়ে প্ৰদৰ্শন কৰা আলোকচিত্ৰ সমূহ। এই বিশেষ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নেজিব আহমেদে, দ্বিতীয় পুৰস্কাৰ দিপু দাস আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিলে সুদুৰ কলকাতাৰ পৰা অহা পুৰ্ণবৰ্ত ব্ৰহ্মাই । প্ৰতিযোগিতাৰ শেষত  অংশগ্ৰহণকাৰী সকলকো একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে উদ্যোগতা সমিতিয়ে। গ্ৰুপটোৰ পৰিচালক বিশ্বজিৎ সাহাই এনেধৰণৰ আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে।

Your Comments