উত্তৰ গুৱাহাটীৰ জয়ৰাম-বলীৰাম নামঘৰত জন্মাষ্টমীৰ আয়োজন

asn

নিউজ ডেস্ক:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ নামঘৰ-মন্দিৰসমূহতো শুকুৰবাৰে আধ্যাত্মিক পৰিৱেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে। উত্তৰ গুৱাহাটীৰ দৈৱজ্ঞ ব্ৰাহ্মণ সমাজৰ জয়ৰাম-বলীৰাম নামঘৰতো দুদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। আজি নিশা নামঘৰটোত হোম-যজ্ঞ কৰা হ', নামঘৰৰ সদস্য আৰু ভক্তসকলে নাম-প্ৰসংগ কৰিব। আনহাতে, শনিবাৰে নামঘৰটোৰ ঐতিহ্যমণ্ডিত পৰ্ব 'বোকাভাওনা' উদযাপন কৰা হ'ব। এই পৰ্বত শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে ভক্তসকলে শৰীৰত বোকা সানি নাম-কীৰ্তন কৰাৰ লগতে আনন্দ-স্ফূৰ্তি কৰে। জন্মাষ্টমী উদযাপনত স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ আশা কৰিছে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন চাংকাকতি আৰু সম্পাদক অতুল শৰ্মাই।

Your Comments