ভূটানৰ নদীবান্ধৰ পানীয়ে আগন্তুক দিনত নামনি অসমত বিভীষিকাৰ সৃষ্টি কৰিব-অসম সংগ্ৰামী মঞ্চ

pressmeet

'চৰকাৰে জনসাধাৰণ আৰু প্ৰকৃতিৰ কোনো ক্ষতি নোহোৱাকৈ নদীবান্ধসমূহ নিৰ্মাণ কৰক,তাত আমাৰ আপত্তি নাই।কিন্তু এতিয়াৰ চৰকাৰে এইবোৰ আওকাণ কৰি কাম কৰিছে।'শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।


'বৰ্তমান ভূটানত ১৬ টা নদীবান্ধৰ কাম হৈ আছে। তাৰে ৬ টা নদীবান্ধৰ কাম সম্পূৰ্ণ হ'ল আৰু বাকী সকলোৰে কাম চলি আছে। ইয়াৰ প্ৰায়খিনি নদীবান্ধ ভাৰত চৰকাৰৰ সহযোগত হৈছে'-বেজবৰুৱাই মন্তব্য কৰে। 
   
 
তেওঁ লগতে কয়-'কুৰিশ্বু বান্ধে পানী এৰি দিয়াৰ বাবে নামনি অসমৰ মানুহ ত্রাসিত হয়। ২০০৪ চনত কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত নামনি অসমৰ নলবাৰী,বৰপেটা আদি জিলাসমূহত যি ভয়াৱহ বানৰ সৃষ্টি হৈছিল;সেয়া আজিও নিশ্চিয় অসমৰ ৰাইজে পাহৰা নাই।' 


'কিন্তু ইয়াৰ পিছতো ভূটানত নিৰ্মিত বা নিৰ্মীয়মান অৱস্থাত থকা প্ৰায় ডেৰকুৰি জলবিদ্যুৎ  প্ৰকল্পসমূহৰ ক্ষেত্ৰত তাৰ পৰা হ'ব পৰা বিস্তৰ ক্ষয়ক্ষতিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ যি  তৎপৰতা থাকিব লাগিছিল, সেয়া ক'তো দেখিবলৈ পোৱা নাই'-বেজবৰুৱাই কয়। 

 

'কেন্দ্ৰীয় চৰকাৰখনে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সুৰক্ষাৰ দিশটোক সম্পূৰ্ণ উলাই কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰত্যেকটো ভূটান ভ্ৰমণৰ সৈতে নদীবান্ধৰ প্ৰসংগ জড়িত আছে' বুলিও তেওঁ কয়। 

মোডী চৰকাৰে অসম তথা অসমবাসীৰ সুৰক্ষাৰ দিশটো সম্পূৰ্ণ আওকাণ কৰি বহিঃৰাজ্যৰ বিদ্যুৎ চাহিদা পূৰণৰ বাবে অতি খৰতকীয়াকৈ প্ৰকল্পসমূহৰ কাম আগবঢ়াইছে বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰে।   


নদীবান্ধসমূহে পানী এৰি দিয়াৰ বাবে  অসমৰ খিলঞ্জীয়া লোকসকল ক্ষতিগ্ৰস্ত হয় আৰু ইয়াৰ বাবে মোডী চৰকাৰেই দায়ী-সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য কৰে।


এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ অসম সংগ্ৰামী মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ তিনিটা সংলিষ্ট বিভাগ যেনে - প্ৰধানমন্ত্ৰী কাৰ্যালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়, জলসম্পদ আৰু নদী পুনৰুজ্জীৱিকৰণ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে যাতে এই নদীবান্ধসমূহ বন্ধ কৰিব পাৰে বুলিও তেওঁ কয় ।

Your Comments