সাহিত্য-সংস্কৃতিৰ দ্বি-মাসিক আলোচনী 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন 

baivab

নিউজ ডেস্ক:
অসমৰ খিলঞ্জীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াসৰে ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসে 'বৈভৱ' নামৰ দ্বি-মাসিক আলোচনী প্ৰকাশ কৰিছে।বৃহস্পতিবাৰে গুৱাহাটীৰ দিছপুৰস্থিত গড়কাপ্তানী বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যাৰ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীশ্ৰীবশিষ্ঠদেৱ শৰ্মাই আনুষ্ঠানিকভাৱে আলোচনীখন উন্মোচন কৰে। সভাত সত্ৰাধিকাৰগৰাকীয়ে ভাষা- সংস্কৃতি আৰু ধৰ্ম সন্দৰ্ভত তত্বগধুৰ বক্তব্য প্ৰদান কৰে। লগতে খাদ্যাভ্যাস, ইন্দ্ৰিয়, জীৱাত্মা,পৰমাত্মা আদি বিষয়ত মাৰ্গদৰ্শন কৰে। তেওঁ মাতৃভাষাৰ প্ৰতি সমাজৰ অনীহা  চিন্তনীয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।লগতে 'টাটা বাইবাই সংস্কৃতি' বাদ দি শিশুক নমস্কাৰ দিবলৈ শিকাবলৈ আহ্বান জনায়।ডাঃ মুনীন্দ্ৰ মোহন ডেকাই সঞ্চালনা কৰা সভাত
ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসৰ হৈ অজয় কুমাৰ বৰাই  আদৰণি ভাষণ পাঠ কৰে। পৰীনিতা শৰ্মাই  আঁত  ধৰা উন্মোচনী  অনুষ্ঠানত 'বৈভৱ'ৰ উপদেষ্টা ড:জয়কান্ত শৰ্মা,অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা উপস্থিত আছিল।শলাগৰ শৰাই আগবঢ়াই আৰতি মজুমদাৰে।

Your Comments