অসমীয়া চিনেমাক জীয়াই ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জুবিন গাৰ্গৰ

jubin

 নগাঁৱৰ পৰা ৱাহিদুদ জামান

নতুন অসমীয়া চলচ্চিত্ৰ "কাঞ্চনজংঘাৰ" প্ৰচাৰৰ বাবে আজি নগাঁৱত উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ টীম। নগাঁও চহৰৰ  উৰিয়াগাঁৱৰ পৰা জুবিন ফ্ৰেণ্ড ক্লাৱে সমদল কৰি অনা দলটো প্ৰথমে উপস্থিত হয়গৈ  চহৰখনৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত। ইয়াৰ পিছতে জুবিনৰ নেতৃত্বত দলটোৱে যায় চহৰখনৰ আন এক ঐতিহ্যপুৰ্ণ শিক্ষানুষ্ঠান নগাঁও কলেজত। ইয়াৰ পিছত জুবিনৰ নেতৃত্বত অহা শিল্পী দলটো উপস্থিত হয় খাগৰিজান কলেজত।  শিক্ষানুষ্ঠান কেইখনত মুক্তি পাব লগা চিনেমাখনৰ বাবে প্ৰচাৰ চলায়। জুবিনে শিক্ষানুষ্ঠান কেইখনৰ ছাত্ৰী-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁৰ চলচ্চিত্ৰখন সকলোকে উপভোগ কৰিবলৈ আহ্বান জনায়। তদুপৰি,  প্ৰচাৰৰ আৰম্ভণিতে ৬ ছেপ্টেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া বহু প্ৰত্যাশিত  ছবিখন চাবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও।

ইপিনে, জুবিন গাৰ্গে নৱ প্ৰজন্মক অসমীয়া ছবিৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ বাবে জ্যোতি প্ৰসাদৰ জয়মতীৰ বাটেৰেই এই যাত্ৰা অব্যাহত থাকিব বুলি উল্লেখ কৰি তেওঁ অসমীয়া চিনেমাক জীয়াই ৰাখিবলৈ ৰাইজক আহ্বান জনায়। অনুষ্ঠানতে জুবিনে  কাঞ্চনজংঘাৰ এটি অতি জনপ্ৰিয় সংলাপ আওৰাই ছাত্ৰ ছাত্ৰীৰ মন জয় কৰাৰ লগতে ছবিখনৰ এটি জনপ্ৰিয় গীত পৰিবেশন কৰি ছাত্ৰছাত্ৰীসকলক মুগ্ধ কৰে। এই অনুষ্ঠানত কাঞ্চনজংঘাৰ বহু কেইজন কলা-কুশলীয়ে অংশগ্ৰহণ কৰে। 

Your Comments