হলীউডত কদৰ অব্যাহত প্ৰিয়ংকা চোপ্ৰাৰ:অভিনয় কৰিব 'ৱি কেন বি হিৰোজ'ত

priyanka

এতিয়াও হলীউডত স্থিতি মজবুত হৈ আছে প্ৰিয়ংকা চোপ্ৰাৰ।'নেটফ্লিক্স'ৰ এক্সন ফেণ্টাছী ছবি 'We Can Be Heroes'ত অভিনয় কৰিব প্ৰিয়ংকাই।ছবিখনৰ কাহিনী লিখিছে ছবি নিৰ্মাতা ৰবাৰ্ট ৰ'ড্ৰিজে।পৰিচালনা আৰু প্ৰয়োজনা কৰিব ৰ'ড্ৰিজেই।উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰ'ড্ৰিজে 'স্পাই  কিডজ' ছবি নিৰ্মাণ কৰিছে।বৰ্তমান প্ৰিয়ংকা চোপ্ৰা অভিনীত বলীউডী ছবি 'দ্য স্কাই ইজ পিংক' মুক্তি লাভৰ পথত।ছবিখনত ফাৰহান আখতাৰ,জাইৰা ৱাচিম আদিয়ে অভিনয় কৰিছে।

Your Comments