কাইলৈ সাহিত্য-সংস্কৃতিৰ দ্বি-মাসিক আলোচনী 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যাৰ উন্মোচন 

asn

নিউজ ডেস্ক:
অসমৰ খিলঞ্জীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াসৰে ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসে 'বৈভৱ' নামৰ দ্বি-মাসিক আলোচনী প্ৰকাশ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অহা ২২ আগষ্টত  দিছপুৰস্থিত গড়কাপ্তানী বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যাৰ উন্মোচনী সভা অনুষ্ঠিত হ'ব।বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীবশিষ্ঠ দেৱশৰ্মাই আনুষ্ঠানিকভাৱে আলোচনীখন উন্মোচন কৰিব।ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসৰ উপদেষ্টা, বিশিষ্ট লেখক-শিক্ষাবিদ ডঃ জয়কান্ত শৰ্মা , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যক্ষ  ডঃ মুনীন্দ্ৰ মোহন ডেকা,  অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি 
ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাসৰ হৈ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিছে।

Your Comments