যথেষ্ট আৰোগ্য লাভ কৰিছে ঋষি কাপুৰে:গণেশ চতু্ৰ্থীত আমেৰিকাৰ পৰা উভতিব পাৰে ভাৰতলৈ 

rishi

বলীউডৰ বিশিষ্ট অভিনেতা ঋষি কাপুৰে দীর্ঘদিনৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত নিজৰ কৰ্কট ৰোগৰ চিকিৎসা চলাই আছে।সম্প্ৰতি ঋষি কাপুৰ তেওঁৰ চিকিৎসাৰ অন্তিম পৰ্যায়ত আছে।তেওঁ ইতিমধ্যে যথেষ্ট আৰোগ্য লাভ কৰিছে।


জানিব পৰা মতে অহা ২ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উদযাপন কৰিবলৈ ভাৰতলৈ আহিব পাৰে বিশিষ্ট অভিনেতাজন।উল্লেখ্য যে এটা গুৰুত্বপূৰ্ণ পাৰিবাৰিক ধৰ্মীয় উৎসৱ হিচাপে কাপুৰ পৰিয়ালে বহু বছৰ ধৰি গণেশ চতুৰ্থী উদযাপন কৰি আহিছে।

Your Comments