নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সোমবাৰৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদ মাহ। ঈশ্বৰ বন্দনাৰ বাবে অসমীয়া জাতিৰ মাহ হিচাপে পৰিগণিত হোৱা ভাদ মাহত অসমৰ বৈষ্ঞৱ ধৰ্মাৱলম্বী লোকৰ মাজত এক আনন্দময় ভক্তিৰসৰ সঞ্চাৰ ঘটে । প্ৰতিদিনে পুৱাৰপৰা নিশালৈকে গায়নৰ গীতৰ ৰাগ,বায়নৰ খোলৰ চাপ,
হৰিনামৰ অমল ধ্বনিত মুখৰ হয় অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবুৰী, প্ৰতিখন চহৰ-নগৰৰ উপকন্ঠ অঞ্চল । ভক্তি ৰসত বুৰ যায় অসমীয়া । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত ৰবিবাৰে শাওন মাহৰ সংক্ৰান্তিৰ পৰা এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হৈছে । নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৰোৱা আৰু শ্ৰী শ্ৰী শ'লগুৰি সত্ৰৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । আশাকৰা হৈছে বটদ্ৰৱা থানলৈ পূৰ্বৰ দৰে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভকত- বৈষ্ণৱৰ আগমণ হ'ব । থান পৰিচালনা সমিতিয়ে ভকত-বৈষ্ণৱক আদৰিবলৈ সম্প্ৰতি ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে দিনে-নিশাই । ভকত-বৈষ্ণৱে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে বিশুদ্ধ খোৱা-পানী,প্ৰসাদ বিতৰণৰ স্থান,অতিথি শালা ,জিৰণি চ'ৰা, গাড়ী পাৰ্কিং আদি সকলো সম্পূৰ্ণ কৰি তুলিছে । তদুপৰি থানৰ পৰিৱেশ চৌদিশ চিকুণাই নান্দনিক,আধ্যাত্মিক পৰিৱেশ সূচনা কৰা হৈছে । পবিত্ৰ ভাদ মাহৰ ঐতিহ্যক সাৰোগত কৰি ৰবিবাৰৰ পৰাই আৰম্ভ হৈছে "ওঠৰ প্ৰসংগৰে ভাদ মাহৰ নাম ৰখা কাৰ্যসূচী" । উল্লেখযোগ্য যে ভাদ মাহৰ প্ৰতিদিনে পুৱাৰ পৰা নিশা 9 বজালৈকে খোল-তাল,গীত-মাতৰ শব্দই ৰজনজনাই থাকে বটদ্ৰবা থান । বছৰৰ ভাদ মাহ বাদ দি এঘাৰ মাহে ভকত-বৈষ্ণৱ তথা আইমাতৃসকলৰ সমাগমৰে প্ৰতিদিনে চৈধ্য প্ৰসংগ কৰা হয় যদিও ভাদ মাহত ওঠৰ প্ৰসংগৰ পৰিৱেশন কৰা হয় । এই পবিত্ৰ ভাদ মাহতে পুৱা,দুপৰীয়া আৰু নিশা "কৃষ্ঞ হৰি মোৰ বান্ধৱ" শীৰ্ষক নিৰক্ষৰী ঘোষাৰে "নাম ডকা" কাৰ্যসূচী হয় । পুৱা তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হোৱাৰ পিছত নিশা শেষ পাল গোৱা প্ৰসংগৰে দিনটোৰ অন্ত পৰে । তদুপৰি শ্ৰী শ্ৰী শ'লগুৰি আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ ভকত-বৈষ্ণৱে মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে নিজে নিৰ্মাণ কৰা কীৰ্তন ঘৰৰ পিৰালিত বহি নাম ডাকি ডাকি হৰি নামৰ ধ্বনি তুলিব । ইফালে ৰবিবাৰে শাওন মাহৰ সংক্ৰান্তিৰ দিনা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ নামঘৰ আৰু সত্ৰসমূহত পৰম্পৰাগত
ভাৱে ৰাইজে ভাদমহীয়া নাম-কীৰ্তনেৰে পাতনি মেলে ।
- Log in to post comments
- 182 views