এই চৰকাৰখনৰ দিনত ৰাজ্য দুৰ্নীতিমুক্তও নহয়-বিদেশীমুক্তও নহয়,গৌতম ৰয় এপিএছচিৰ কেলেংকাৰীৰ মূল নায়ক--তৰুণ গগৈ

gogoi

'শনিবাৰে এখন সংবাদমেল সম্বোধন  কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সংবাদমেলখন সম্বোধন কৰি তেওঁ কয়-'নিবনুৱা সমস্যা আটাইতকৈ ডাঙৰ সমস্যা। ২০১৪ত মোডীয়ে আশ্বাস দিছিল ২ কোটি যুৱকক চাকৰি দিম বুলি।কিন্তু নিবনুৱা সমস্যাক এতিয়া আওকাণ কৰিছে মোডীয়ে। দেশত অৰ্থনৈতিক দুৰ্যোগে দেখা দিছে।আগতে এনে দুৰ্যোগ হোৱা নাছিল।মোডীৰ দিনত অৰ্থনৈতিক গতিটো একেবাৰে কমি গৈছে।কিন্তু, তেওঁ আকৌ হাইজাম্পৰ কথা কয়।' 

'মানুহক ড্ৰাইভাৰ কৰাত মোদী পাকৈত।এওঁৱেই মানুহৰ মন ভুলোৱা প্ৰথম প্ৰধানমন্ত্ৰী। দেশৰ বিকৃত ছবিখন দেখুৱাবলৈ গৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে'-গগৈয়ে মন্তব্য কৰে। 

তেওঁ লগতে কয়-'জনসংখ্যা বেছিকৈ কনট্ৰ'ল হ'লেও বেয়া।শিক্ষা বৃদ্ধি পালে জনসংখ্যা কমিবই।মানুহৰ জীৱিকা বেছি হ'লে বেছি সন্তান জন্ম নিদিয়ে,দুখীয়াসকলেহে বেছিকৈ জন্ম দিয়ে। গতিকে এই চৰকাৰখনে নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰক।'

৩৭০ অনুচ্ছেদৰ কথা উল্লেখ কৰি তৰুণ গগৈয়ে কয়-কাশ্মীৰৰ ভালৰ কাৰণে যদি কৰিছে তেন্তে তাৰ জনসাধাৰণক কিয় বুজোৱা নাই? কিয় ইমান লোকক আটক কৰিছে? এইখন গণতন্ত্ৰ নে একতন্ত্ৰ। জম্মু কাশ্মীৰত চাকৰি দিম বুলি কৈছে;দিল্লীতে এতিয়া চাকৰি নাই,জম্মুত কেনেকৈ চাকৰি দিব?

তেওঁ লগতে কয়-'নাগালেণ্ডত ১৪ আগষ্টত নাগা স্বাধীনতা দিৱস পাতিব পাৰিলে? এয়াতো আটাইতকৈ বেয়া আৰু অশনি সংকেত। আলফাইয়ো এতিয়ালৈকে সাহস কৰা নাই।মইতো নাগালেণ্ডত আগেয়ে এনেকৈ আগতীয়াকৈ পতাকা উৰুৱা দেখা নাই।'

'নাগালেণ্ডৰ ক্ষেত্ৰত নেডাই এতিয়া কি কৰিছে?হিমন্ত বিশ্বই কি কৰি থাকে।তিনি বছৰ ধৰি উচ্চতম ন্যায়ালয়ত কেচ চলা নাই।আমাৰ দিনত এই ইছ্যু লৈ সদায় আদালতত যাবলগীয়া হৈছিল।এতিয়া  এই প্ৰসংগ কিয় বন্ধ কৰি ৰখা হৈছে' বুলিও গগৈয়ে প্ৰশ্ন কৰে। 

'ছিণ্ডিকেট চলিয়েই আছে। কেলেংকাৰী ৰাজ চলি আছে, চলি থাকিব, আৰু বাঢ়িব। কেলেংকাৰীৰ মানুহবোৰক আদৰি লৈ আছে। দুৰ্নীতিমুক্তও নহয়, বিদেশীমুক্তও নহয়, এই চৰকাৰৰ দিনত একোৱেই নহয়' বুলিও গগৈয়ে মন্তব্য কৰে। 

'পেপাৰত লিখিবলৈয়ো আজিকালি সাংবাদিকে ভয় কৰা হৈছে। যেতিয়াই তেতিয়াই গোচৰ জাপি দিয়ে। আমাৰ দিনতো বেয়াকৈ লিখিছিল আমাৰ বিৰুদ্ধে। আমিটো একো আইনৰ ব্যৱস্থা লোৱা নাছিলো।'-গগৈয়ে উল্লেখ কৰে।


আনহাতে,গৌতম ৰয়ৰ কথা উল্লেখ কৰি তৰুণ গগৈয়ে কয়-'গৌতম ৰয় এপিএছচিৰ কেলেংকাৰীৰ মূল নায়ক। গৌতম ৰয়ে বঙালী সম্প্ৰদায়ৰ লোকক অধ্যক্ষ নিযুক্তি দিবলৈ কৈছিল।যদি এপিএছচিৰ সঠিক তদন্ত হৈছে,তেন্তে ৰাকেশ পালৰ ভায়েকক গ্ৰেপ্তাৰ কৰা নাই কিয়?'

Your Comments