স্বাধীনতা দিৱস উপলক্ষে মহানগৰীৰ বিপনীত ক্ৰয়ৰ বাবে উপলব্ধ সৰু-বৰ জাতীয় পতাকা

flag

কাইলৈ ৭৩ সংখ্যক স্বাধীনতা দিৱস।সমগ্ৰ দেশৰ লগতে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব।


স্বাধীনতা দিৱস উপলক্ষে মহানগৰীৰ দোকানসমূহত দেখিবলৈ পোৱা গৈছে  সৰু- বৰ বিভিন্ন আকৃতিৰ জাতীয় পতাকা।জাতীয় পতাকাৰ লগতে ৩৭০ অনুচ্ছেদৰ টিচাৰ্ট আৰু জাতীয় পতাকাৰ সৰু সৰু বেজসমূহো উপলব্ধ ।  


এই জাতীয় পতাকাসমূহৰ দাম ক্ৰমে জাতীয় পতাকাৰ আকৃতিৰ বেজ ১০ টকাৰ পৰা ৩০ টকা পৰ্যন্ত,সৰু জাতীয় পতাকা ১০ টকাৰ পৰা ৩০ টকা আৰু ডাঙৰ আকৃতিৰ জাতীয় পতাকাৰ দাম ৫০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত। 


 আনহাতে,কাইলৈ স্বাধীনতা দিৱসৰ লগতে পৱিত্ৰ ৰাখি বন্ধনো উদযাপন কৰিব সকলোৱে। জাতীয় পতাকাৰ সমান্তৰালকৈ  মহানগৰীৰ বিপনীসমূহ ভৰি পৰিছে ৰং-বিৰঙৰ ৰাখীৰে। 


স্বাধীনতা দিৱস আৰু ৰাখী বন্ধন এইবাৰ যিহেতু একেটা দিনতেই পৰিছে সেয়েহে আনবাৰৰ তুলনাতকৈ  এইবাৰ গ্ৰাহকৰ সংখ্যা বাঢ়িছে।

Your Comments