ভুৱা ট্ৰেভেল এজেঞ্চীৰ প্ৰতাৰণাৰ চিকাৰ বৰাক উপত্যকাৰ ২৬ গৰাকী হজযাত্ৰী:কলকাতাত আৱদ্ধ

haj

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

মদিনালৈ যোৱাৰ আশা লৈ কলকাতালৈ উপস্থিত হৈছিলগৈ বৰাক উপত্যকাৰ ২৬ গৰাকী হজযাত্ৰী।কিন্তু,দিনৰ পিছত দিন অতিবাহিত হ'লেও আল হাবিবী নামৰ ট্ৰেভেল এজেঞ্চীটোৱে আজিও দিব পৰা নাই ভিছা।ভিছা নোপোৱাত বিপাঙত পৰিছে মুঠ ৯৫ জনকৈ হজযাত্ৰী। গভীৰ চিন্তাত আছে সকলো।ইয়াৰ মাজত আছে বৰাকৰ ২৬ জনকৈ হজযাত্ৰী। 'আল হাবিবী ট্যুৰ এণ্ড ট্ৰেভেলছ' নামৰ এটা প্ৰাইভেট এজেঞ্চীৰ মাধ্যমেৰে টকা জমা দি কলকতাত উপস্থিত হৈছিলগৈ বৰাকৰ হজযাত্ৰীসকল।haj2

কিন্তু এতিয়া তেওঁলোকৰ হজযাত্ৰাৰ সপোন ভগ্ন হোৱাৰ পথত। কলকতাৰ 'আল হাবিবী ট্যুৰ এণ্ড ট্ৰেভেলছ' ভুৱা এজেঞ্চী বুলি অভিযোগ উত্থাপন হৈছে।উক্ত এজেঞ্চীটোৰ শিলচৰৰ ইৰছাদ কাউছৰ বৰলং আৰু কৰিমগঞ্জৰ মেহৰাজ আহমদ নামৰ দুটা প্ৰতাৰকে বৰাক উপত্যকাত লুণ্ঠনৰাজ চলাইছে বুলি অভিযোগ উত্থাপন হৈছে।নিৰুপায় হজযাত্ৰীসকলে এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।

Your Comments