মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক শৰৎ শইকীয়াৰ দেহাৱসান ঘটিছে।বৃক্ক ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় শইকীয়াৰ।উল্লেখ্য যে ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা ২০০১ চনৰ পৰা ২০১১ চনলৈকে তিনিবাৰৰ বিধায়ক আছিল শইকীয়া।পিছত ২০১৬ চনত কংগ্ৰেছৰ পৰা টিকট নাপাই শইকীয়াই যোগদান কৰিছিল বিজেপিত।
দীৰ্ঘদিনৰ পৰা বৃক্ক ৰোগত আক্রান্ত হৈ থকা শইকীয়াই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হাস্পতালত।মৃত্যুৰ সময়ত শইকীয়াৰ বয়স আছিল ৭১বছৰ।
ইফালে,প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
- Log in to post comments
- 24 views