অসমৰ কৃষি খণ্ডত প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কত 'ইণ্টাৰনেচনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট'ৰ জ্যেষ্ঠ বিশেষজ্ঞ মেৰী আদ এভেনে মঙলবাৰে এপার্ট আঁচনিৰ লগত জড়িত বিভিন্ন আন্তৰ্জাতিক প্ৰতিষ্ঠান আৰু এৰিয়াছ ছ'চাইটীৰ বিষয়াবৰ্গৰ লগত গুৱাহাটীত মিলিত হয়।অনুষ্ঠানত তেওঁক সংগ দিয়ে আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়াৰ সমন্বয়ক ডঃ সুধাংশু সিঙে।
আলোচনাত ইৰিৰ আঞ্চলিক সমন্বয়ক ডঃ কৌৰ সিঙে ইৰিৰ বিভিন্ন কাৰ্যাৱলী ব্যাখ্যা কৰে। এপাৰ্ট সম্পৰ্কে এৰিয়াছৰ বিষয়া বলজিৎ সিঙে চমু আভাষ দিয়ে। বিশেষজ্ঞগৰাকীয়ে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপত ইৰিৰ বিভিন্ন প্ৰযুক্তিসমূহৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফাৰ্ম পৰিদৰ্শন কৰে। এই অনুষ্ঠানতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা মুখ্য বিজ্ঞানী ডঃ ধীৰেন কলিতা আৰু বিজ্ঞানীসকলৰ স'তে মত বিনিময় কৰে। অনুষ্ঠানত অসমৰ কৃষি খণ্ডৰ উন্নতিৰ কাৰণে প্ৰয়োজনীয় প্ৰযুক্তিৰ ব্যৱহাৰত উপস্থিত সকলোৱে সহমত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰায় ৪০জন কৃষকৰ লগত মত বিনিময় কৰি বিশেষজ্ঞগৰাকীয়ে কৃষকৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ পিচত তেখেতে ৰাণীত ধানখেতিৰ পথাৰ পৰিদর্শন কৰে আৰু কিদৰে কৃষকসকল মেচিনৰ ব্যৱহাৰৰ জৰিয়তে লাভৱান হৈছে তাৰ বুজ লয়।
- Log in to post comments
- 35 views