১ কি:গ্ৰা: চাহৰ দাম কেনেদৰে হ'লগৈ ৭০,৫৫১ টকা, জানিবলৈ ক্লিক কৰক

tea

তপন বৰগোহাঁই

অসমৰ চাহ খেতিয়কৰ বাবে সুখবৰ। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত অসমৰ চাহে ৰচনা কৰিছে নতুন অভিলেখ। কেন্দ্ৰটোত মঙলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ এক ১ কেজি চাহ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৫০ হাজাৰ টকাত নিলাম হোৱাৰ পিছত বুধবাৰে পুনৰ নতুন অভিলেখ গঢ়ি চাহ নিলাম কেন্দ্ৰটোত ১ কেজি চাহৰ দৰ হ'ল ৭০,৫০১টকা। ডিব্ৰুগড় মাইজান চাহ বাগিছাত সম্পূৰ্ন জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা 'মাইজান গ'ল্ডেন টিপছ টি' নামৰ চাহবিধ চাহ নিলাম কেন্দ্ৰটোৰ পৰা ৰমেশ মুণ্ডা নামৰ এজন ব্যৱসায়ীয়ে ক্ৰয় কৰে ৭০,৫০১ টকাত। উল্লেখ্য যে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাখনৰ স্বত্বাধিকাৰী হৈছে বি আৰ ছেত্ৰী আৰু বাগিচাখনৰ পৰিচালক হৈছে সঞ্জয় জৈন।

ইফালে, গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বতে গুৱাহাটীৰ দিছপুৰস্থিত চাহ নিলাম কেন্দ্ৰটোত ২০১৮ বর্ষত ১ কেজি চাহ বিক্ৰী কৰা হৈছিল ৩৯,০০১ টকাত। সেই চাহ প্ৰস্তুত কৰিছিল মঙলবাৰে ৫০,০০০ টকাত ১ কেজি চাহ বিক্ৰী কৰিবলৈ সক্ষম হোৱা ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই। তাৰ পূৰ্বে অৰুণাচলৰ ডনী প'ল চাহ বাগিচাৰ ১ কেজি চাহ কেন্দ্ৰটোত নিলাম হৈছিল ৪০ হাজাৰ টকাত। পূৰ্বৰ সেই সকলো অভিলেখ ভংগ কৰি এতিয়া ডিব্ৰুগড় মাইজান চাহ বাগিচাই ৭০,৫০১ টকাত ১ কেজি চাহ বিক্ৰী কৰি নিলাম কেন্দ্ৰটোত ৰচনা কৰিলে নতুন অভিলেখ।

Your Comments