নিউজ ডেস্ক:
সদৌ অসম গৃহৰক্ষী বাহিনীৰ প্ৰাপ্যৰ দাবীত উত্তাল হৈ পৰে দিছপুৰ লাষ্টগেট।বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন চলি থকাৰ সময়তে সোমবাৰে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পালন কৰে গণ অৱস্থান কাৰ্যসূচী।
তেওঁলোকৰ উল্লেখ কৰে যে আজি আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত ৰাজ্যৰ গৃহৰক্ষী কৰ্মীসকলে(থানা সমূহত) দৰমহা পায় মাত্ৰ ৯ হাজাৰ টকা।একেদৰে উদ্যোগ সমূহত থকা গৃহৰক্ষী বাহিনীৰ কর্মীসকলে দৰমহা পায় মাত্ৰ ৯৪৫০ টকা। যি দৰমহাৰে আজি পৰিয়াল পোহপাল দিয়াটোতো দূৰৰে কথা নিজক পোহপাল দিবলৈকে কষ্ট হয়।লগত কয়- অসমৰ সকলো ডাঙৰ প্ৰতিষ্ঠানৰ নিৰাপত্তাৰ দায়িত্ব আমাৰ হাততে থাকে,কিন্তু ইমানৰ পিছতো আজি ৰাজ্যখনৰ হাজাৰ হাজাৰ গৃহৰক্ষী কৰ্মী প্ৰাপ্যৰ পৰা বঞ্চিত।
উল্লেখ্য যে গৃহৰক্ষীৰ বাহিনীৰ বাবে প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া দিছপুৰৰ প্ৰতিবাদস্থলীত শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ আগবাঢ়ি আহে।পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে তেওঁলোকক।
প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকে ৰজাঘৰলৈ দুপৰীয়া ১২.৩০বজাত মাইকৰ যোগেদি সময়সীমা বান্ধি এক ঘোষণা কৰে।সেই অনুসৰি দিনৰ ১.৩০বজাৰ ভিতৰত যদি প্ৰতিবাদী গৃহৰক্ষীৰ বাহিনীৰ কর্মীসকলক যদি কোনো চৰকাৰী প্ৰতিনিধিয়ে আহি সাক্ষাৎ নকৰে,তেন্তে তেওঁলোকে পুনৰ বেৰিকেড ভাঙিবলৈ আগবাঢ়ি যাব।
শেষত মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ উপস্থিতিত তেওঁলোকে প্ৰতিবাদ সামৰিবলৈ বাধ্য হয়।যুটীয়া আয়ুক্তগৰাকীৰ যোগেদি তেওঁলোকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীলৈ দাবীসম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
আনহাতে,প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম গৃহৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাসে স্মাৰকপত্ৰ প্ৰেৰণ কৰি কয় -'আজি এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ অসমৰ গৃহৰক্ষী বাহিনীৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে ১৯৪৮ চনৰ গৃহৰক্ষী আইনখন সময়ৰ উপযোগী হোৱাকৈ সংশোধন ঘটাই গৃহৰক্ষীসকলক উপযুক্ত ন্যায় দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয়।'
ইয়াৰ উপৰিও তেওঁ কয় যে নতুনকৈ আৰম্ভ কৰিব বিচৰা ছফটৱেৰ ব্যৱস্থাই বহু গৃহৰক্ষী কৰ্মীক আজি বিপদৰ ফালে ঠেলি দিছে।তাৰ বাবে অতিশীঘ্ৰেইয়াৰ সংশোধন ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
লগতে,গৃহৰক্ষী বাহিনীৰ কৰ্মীসকলে প্ৰতিবাদীস্থলীৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক তেওঁলোকৰ প্ৰতিবাদক গুৰুত্ব দি অতি শীঘ্ৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায়। অন্যথা তেওঁলোকে পৰৱৰ্তী সময়ত আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।
- Log in to post comments
- 5 views