মাজুলীৰ পৰা ৰাজীৱ পাতিৰ :
ভয়ংকৰ খহনীয়াই মঘূৱাচুক অঞ্চললৈ অশনি সংকেত নমাই অনাৰ পিছতো ৰাজ্য চৰকাৰ-ৰাজ্যিক জলসম্পদ বিভাগে গ্ৰহণ কৰা নিৰ্বিকাৰ ভূমিকাৰ বিৰুদ্ধে সোমবাৰে শ শ বৰ্ন্যাতলোক খেৰকটীয়া নৈৰ পাৰলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ।
উল্লেখ্য যে শালমৰা মৌজাৰ জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই মঘূৱাচুক পৰা স্বৰ্ণশিৰিলৈ প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত বিগত দশক দশক ধৰি মাজুলীৰ উত্তৰ দিশত প্ৰবাহমান খেৰকটীয়া নৈখনৰ দ্বাৰা সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াই জেংৰাই গাঁও,জেংৰাই আমগুৰি, জেংৰাই কেচাইখোৱা,নামনি জেংৰাই আমগুৰি, জেংৰাই ঠেকেৰাগুৰি,জেংৰাই চাপৰি,জেংৰাই বালি চাপৰি আদিকে ধৰি অঞ্চলৰ কুৰিখন গাঁৱলৈ চৰম ভাবুকি সৃষ্টি কৰাৰ পিছতো ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগৰ কোনো কাণষাৰ নাই । চৰকাৰৰ কুম্ভকৰ্ণ ভূমিকাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতি,যুৱক সংঘৰ উদ্যোগত অঞ্চলৰ জেংৰাই গাঁও,জেংৰাই আমগুৰি, জেংৰাই কেচাইখোৱা, নামনি জেংৰাই আমগুৰি, জেংৰাই চাপৰি আদি বিভিন্ন গাঁৱৰ সহযোগত সোমবাৰে শ শ লোক পুৱাৰে খেৰকটীয়া নৈৰ পাৰলৈ ওলাই আহি জলন্ত সমস্যাটোৰ সমাধানৰ দাবীত ৰাজ্যৰ বৰমূৰীয়াসকললৈ তীব্ৰ হুংকাৰ দি কয়-সময় থাকোঁতে উচিত পদক্ষেপ গ্ৰহণ কৰক । অন্যথা কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব চৰকাৰখনে।তেওঁলোকৰ এটাই দাবী খেৰকটীয়া নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত আঁচনিৰ জৰিয়তে অঞ্চলবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰিব লাগে।জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতিৰ নেতৃত্বত পুৱাই অনুভাষ যন্ত্ৰৰ দ্ধাৰা সকলো ৰাইজৰ সহযোগিতাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰায় ৭০/৭৫ বছৰীয়া বৃদ্ধা ক্ৰমে গুনৈ পেগু, নেদৈ দলে,জিলমি পেগু, নাপতুং দলে, প্ৰিয়ম দলে,বৈজন্তী দলে আদিকে ধৰি প্ৰায় কুৰিগৰাকী বৃদ্ধাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকক জীয়াই থকাৰ পৰিৱেশ দিবলৈ মাজুলীৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হাতজোৰ কৰি কাতৰ প্ৰাৰ্থনা জনায় ।অন্যথা জেংৰাই মঘূৱাচুক তথা স্বৰ্ণশিৰিবাসী বিপদাপন্ন হৈ পৰিব বুলি উল্লেখ কৰে।
জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতিৰ সভাপতি জীয়ন দলেই মাজুলী জিলা প্ৰশাসন তথা জলসম্পদ বিভাগৰ কুম্ভকৰ্ণ ভূমিকাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাজুলীৰ অন্যান্য খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি আবন্টন দিছে, কিন্তু জেংৰাইমুখৰ মঘূৱাচুক তথা স্বৰ্ণশিৰিৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো আঁচনি নাই । এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে অঞ্চলবাসীৰ সমস্যাক লৈ ল'ৰা ধেমালি কৰিছে । এই ল'ৰা ধেমালিক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি শীঘ্ৰে ইয়াৰ সমাধা নকৰিলে জংগী আন্দোলন গঢ়ি তুলাৰ কঠোৰ হুংকাৰ দিয়ে । জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতিৰ সম্পাদক সত্যৰন্জ্ঞন পেগুয়ে কয় মঘূৱাচুক-স্বৰ্নশিৰিৰ খহনীয়াৰ দৰে দীৰ্ঘদিনীয়া দাবী অতিশীঘ্ৰে সমাধা কৰিবই লাগিব । সময় থাকোতেই সময় উপযোগী পদক্ষেপ গ্ৰহণ নকৰিলে কুৰিখন গাঁৱৰ ৰাইজে চূড়ান্ত সিদ্ধান্ত লবলৈ সাজু থকা বুলি চৰকাৰলৈ সকিয়নি প্ৰদান কৰে । তদুপৰি,বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজ্ঞানসন্মত আঁচনিৰে বৃহত্তৰ অঞ্চলবাসীক সুৰক্ষা দিবলৈ আহ্বান জনায় । ইপিনে, এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত খহনীয়া আক্ৰান্ত লোকসকলে হাতে হাতে দা,কুঠাৰ, ৰচী,কইল,বাঁহ,বাঁহৰ জেং,গছৰ ডাল আদি লৈ হাতে কামে খহনীয়া প্ৰতিৰোধৰ কামত নামি পৰে । গাঁও উন্নয়ন আৰু যুৱক সংঘই নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি প্ৰায় শতাধিক গছৰ ডাল কাটি খহনীয়া আক্ৰান্ত ঠাইত পেলাই দি অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায় । এই কাৰ্যসূচীত কেৱল পুৰুষেই নহয়,মহিলাসকলেও হাতে-কামে জপিয়াই পৰে ।
উল্লেখ্য যে, মাজুলী জিলাৰ জেংৰাইমুখ টাউনৰ পৰা নামনিলৈ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ দূৰত অৱস্থিত জেংৰাই মঘূৱাচুক তথা স্বৰ্ণশিৰি অংশত বিগত দশক দশক ধৰি খেৰকটীয়া নৈখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি অহাৰ পিছতো কোনো ফলপসু আঁচনি গ্ৰহণ নকৰাত নৈখনৰ প্ৰায় ডেৰ কিলোমিটাৰ অংশ যথেষ্ট ধেনুভেৰীয়া হৈ জেংৰাইমুখ অঞ্চলৰ লগতে ফুলনি, ৰঙাচাহী গাঁও পঞ্চায়ত তথা সমগ্ৰ মাজুলীলৈ ভাবুকি আনিছে।তদুপৰি,স্বর্ণশিৰি উচ্চ মাধ্যমিক বিদ্যালয়,জেংৰাই উচ্চ বালিকা বিদ্যালয়,ঠেকেৰাগুৰি প্ৰাথমিক বিদ্যালয়,মৰ্কং চাপৰি প্ৰাথমিক বিদ্যালয়,জেংৰাই বালি চাপৰি উপ স্বাস্থ্য কেন্দ্ৰ, জেংৰাই আমগুৰি প্ৰাথমিক বিদ্যালয় আদি অনুষ্ঠানৰ লগতে পি জি জে এইছ মথাউৰিলৈ ভাবুকি আহিছে ।
মাজুলী উত্তৰ অংশত ৰক্ষাকৱচ হিচাপে চিহ্নিত পি জি জে এইছ মথাউৰিলৈ খহনীয়াৰ পৰা মাত্ৰ মাত্ৰ ষাঠি/সত্তৰ মিটাৰ দূৰত্বত আছেগৈ । ফলত শংকিত হৈ পৰিছে অঞ্চলৰ সমগ্ৰ ৰাইজে । মঘূৱাচুক গাঁৱৰ উজনি অংশত মিচিং স্বায়ত্ব শাসিত পৰিষদে জিঅ'বেগ আঁচনিৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ চেষ্টা চলাইছে যদিও ৰাজ্যিক জলসম্পদ বিভাগে সম্পূৰ্ণৰূপে কুম্ভকৰ্ণৰ ভূমিকা পালন কৰাৰ ফলত প্ৰতি বছৰে হৈ থকা বিধ্বংসী খহনীয়াৰ বাবে শ শ হেক্টৰ কৃষি ভূমি ইতিমধ্যে খেৰকটীয়া নৈৰ খহনীয়াত জাহ গৈছে । তদুপৰি বিগত বৰ্ষত বহু পৰিয়ালৰ ঘৰ-ভেটি উছন হৈছে । এই ক্ষেত্ৰত চৰকাৰী পক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি অহাৰ পিছতো ফল লাভৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলবাসী। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত এই সমস্যাৰ সমাধানৰ দাবীত মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মাজুলী জিলা উপায়ুক্ত আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদক স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা সিদ্ধান্ত লোৱা হয়। ইয়াৰ পিছতো সংশ্লিষ্ট বিভাগসমূহে কাৰ্যব্যৱস্হা হাতত নল'লে ধাৰাবাহিক আন্দোলন জংগী ৰূপত গঢ় দিব বুলি মতপোষণ কৰে জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতিয়ে । এই কাৰ্যসূচীত জেংৰাই মঘূৱাচুক যুৱক সংঘৰ সভাপতি ৰমেন দলে,সম্পাদক বিজু দলে,জেংৰাই চাপৰি গাঁও উন্নয়ন সমিতিৰ হৈ মনোজ পাতিৰ, ৰঞ্জিত দলে,বিষ্ণুকান্ত পেগু,লক্ষীকান্ত দলে,বিজু দলে আদি উপস্থিত থাকে ।
- Log in to post comments
- 16 views