সোণাৰিৰ পৰা ঘন বৰা
ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে চৰাইদেউ জিলাতো বিভিন্ন অনুষ্ঠানে জুলাই মাহটোত গ্ৰীষ্মকালীন নাট,কবিতা, বাক্ পটুতা,মুকক অভিনয়,নৃত্য আদিৰ কৰ্মশালা অনুষ্ঠিত কৰিছে।জিলাখনৰ ধেমাজি বিল সংগীত নৃত্য কলাকেন্দ্ৰৰ উদ্যোগত তথা অসম নাট্য সন্মিলন, সোণাৰি শাখাৰ সহযোগত দিচাংপানী ৰাজহুৱা প্ৰেক্ষাগৃহত ২১ জুলাইৰ পৰা অনুষ্ঠিত হৈ আছে ১৩ দিনীয়া নাট কৰ্মশালাৰ লগতে আবৃত্তিৰ কৰ্মশালা। কৰ্মশালাত বিশিষ্ট নাট্যকাৰ,অভিনেতা পৰিচালক দিপক কুমাৰ কলিতা, বিশিষ্ট সাংবাদিক তথা অভিনেতা মুখ্য প্ৰশিক্ষক মৃদুল নিবিড় বৰগোঁহাই,বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ তথা জনপ্ৰিয় আবৃত্তিকাৰ বন্দনা গগৈৰ লগতে নাট্যকৰ্মী নৱজ্যোতি খাণ্ডাধৰা, বাবলু গগৈ আৰু ধৰ্মজ্যোতি বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰি আছে।
ইফালে,কৰ্মশালাৰ সামৰণি অনুষ্ঠান অহা ৪ আগষ্টত অনুষ্ঠিত কৰাৰ লগতে কৰ্মশালাৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰাই মঞ্চায়ন কৰিব মৃদুল নিবিড়ৰ পৰিচালনাৰে ৰঘুনাথ চৌধুৰীৰ ঈশ্বৰ কবিতাটোৰ আধাৰত 'প্ৰাৰ্থনা'। তাৰ পিছতেই মৃদুল নিবিড়ৰ পৰিচালনাৰে নাট্যকাৰ নৰেন পাটগিৰিৰ শিশু নাটক 'বৰষুণ' নাটকৰ এক দৃশ্য আৰু মৃদুল নিবিড়ৰ 'ওমলা খেলপথাৰ' এই নাটকেইখন মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে।
- Log in to post comments
- 30 views