গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিদ্যাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনশন 

golaghat

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

গোলাঘাটৰ বগৰীজেংস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয় ক্ৰমে বন্ধ হোৱাৰ পথত। এই বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে শুভাৰম্ভ কৰা মহাবিদ্যালয়খনত আজিকোপতি ছাত্ৰ -ছাত্ৰীয়ে লাভ কৰা নাই পৰ্যাপ্ত সা- সুবিধা।বৰ্তমান স্বীকৃতি বাতিলকৰণৰ কথা উত্থাপন হোৱাত জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থাকে কৰি বিভিন্ন সংগঠন।সোমবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ এনে অচলাৱস্থাক লৈ গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিজন ছাত্ৰকৰ্মীয়ে আৰম্ভ কৰিছে ৩৬ ঘন্টীয়া অনশন কাৰ্যসূচী ।  

অনশনত বহা জিলা সভাপতি আকাশ দাও, শুভ্ৰপ্ৰতীম ৰাজখোৱা আৰু অং‌কিতা শইকীয়াই অনশনথলীৰ পৰা চৰকাৰে কেৱল নিৰ্বাচনক লক্ষ্য কৰি, চমক সৃষ্টি কৰিবলৈকে এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন মুকলি কৰিলে বুলি উল্লেখ কৰে। এই মহাবিদ্যালয়খনত এতিয়াও আন্ত:গাঠনি দুৰ্বল তথা পৰ্যাপ্ত সা-সুবিধাৰ পৰা ছাত্ৰ -ছাত্ৰী বঞ্চিত হৈ আছে।যিক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।তাৰ ঠাইত মুষ্টিমেয় ছাত্ৰ-ছাত্ৰীসকলক আন এখন অভিযান্ত্ৰিক কেন্দ্ৰলৈ লৈ যোৱাৰহে যো-জা চলাইছে।ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ হেতালি খেলা ৰাজ্য চৰকাৰৰ এনে বিবেচনাহীন কাণ্ডক কোনো কাৰণতে সফল হ'বলৈ দিয়া নহ'ব বুলি কয় সংগঠনটোৰ ছাত্ৰকৰ্মীকেইজনে।

Your Comments