বিলাসীপাৰাৰ আংগাৰকাটাত ৰে'ল দলঙেৰে ওলাই অহা পানীয়ে উটুৱাই নিলে তিনি পৰিয়ালৰ ঘৰ-বাৰী

aangarkata

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :

বিলাসীপাৰা :  কোকোৰাঝাৰ  জিলাৰ পৰ্বতঝোৰা মহকুমাৰ  অন্তৰ্গত  আংগাৰ কাঁটা প্ৰথম খণ্ড গাঁৱত  নিৰ্মাণ কৰা ২১৩ নং ৰে'ল পথৰ দলঙৰ তলেৰে তীব্ৰ গতিত ওলাই অহা পানীয়ে  তিনিটা পৰিযালৰ ঘৰ বাৰী তছনছ কৰি  সমূলি উটুৱাই লৈ যোৱা  ঘটনাই গাঁও খনত এতিয়া আতংকৰ সৃষ্টি কৰিছে।উল্লেখ্য যে পানীয়ে উটুৱাই লোৱা  পৰিয়াল কেইটা ক্ৰমে, আব্দুল ৰফিক , ৰহিজ উদ্দিন আৰু আব্দুল  ৰচিদ । এই সকলৰ উপৰিও অঞ্চলটোৰ প্ৰায় ২০-২৫ টা পৰিয়ালৰ ঘৰ বাৰীৰ প্ৰতিয়ো ভাবুকিৰ সৃষ্টি কৰিছে এই জলধাৰাটোৱে। এই  সন্দৰ্ভত  গাঁও খনৰ  ৰাইজে বিভাগীয়  কৰ্তৃপক্ষ তথা যোগীঘোপাস্থিত ৰে'ল কাৰ্য্যালয়ৰ  ডেপুটি ইঞ্জিৰ্নিয়াৰ ওচৰত এখন অভিযোগ পত্ৰ দাখিল কৰিছে যদিও আজিলৈকে একো  ব্যৱস্থা গ্ৰহন কৰা নাই। অনতি পলমে  উক্ত ৰেল পথৰ দলংৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ গাঁওবাসী ৰাইজে অসম চৰকাৰৰ ওচৰত  দাবী জনাইছে।

Your Comments