গোলাঘাটৰ সুৰা ট্ৰেজেডি:বিধানসভাৰ প্ৰতিনিধি দলে দাখিল কৰা প্ৰতিবেদন সম্পৰ্কত মদমুক্ত অসমৰ সভাপতিৰ প্ৰতিক্ৰিয়া 

golaghat

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
 
গোলাঘাটত হৈ যোৱা শতিকাৰ অন্যতম সুৰা ট্ৰেজেডিৰ ঘটনাৰ তদন্তত অহা চৰকাৰী প্ৰতিনিধি দলে সদনত দাখিল কৰা প্ৰতিবেদনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মদমুক্ত দাবী সমিতি অসমৰ ৰাজ্যিক সভাপতি প্ৰবীন দাসে। লালিগুড়ৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি দাবী কৰাৰ লগতে লালীগুড়ৰ ছিণ্ডিকেটক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই আৰক্ষীয়ে আদালতত দিয়া প্ৰতিবেদন সম্পূৰ্ণ সত্য নহয় বুলি প্ৰতিক্ৰিয়া  ব্যক্ত কৰে। সভাপতিজনে গোলাঘাটত হোৱা সুৰা ট্ৰেজেডি কেৱল লালীগুড়ৰ বাবেই সংঘটিত হ'ল বুলিও দৃঢ়তাৰে উল্লেখ কৰে।উল্লেখ্য যে সভাপতি দাসে উজনি অসমৰ আয়ুক্ত জুলি সোণোৱালৰ এই সুৰা ট্ৰেজেডিৰ প্ৰতিবেদন আজিকোপতি ৰাজহুৱা নহ'ল বুলি আক্ষেপ কৰে।অৱশ্যে সদন কমিটীৰ প্ৰতিবেদন ১০০% শুদ্ধ বুলি কোৱাৰ লগতে ৰাজ্য চৰকাৰে কমিটীৰ প্ৰতিবেদনৰ প্ৰতিটো দফা কাৰ্য্যকৰী কৰিব লাগে বুলিও উল্লেখ কৰে। সদন কমিটীক তেওঁলোকৰ প্ৰতিবেদনৰ বাবে সংগঠনটোৰ হৈ সভাপতি দাসে ধন্যবাদ জ্ঞাপন কৰে।

Your Comments