বঙাইগাঁৱত চি আৰ ইউৰ উদ্যোগত চিকিৎসা আৰু সাহায্য শিবিৰৰ আয়োজন 

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও চহৰৰ পালপাৰাস্থিত নেতাজী বিদ্যানিকেতন এম ভি স্কুল প্ৰাংগণত দেওবাৰে চি আই টি ইউৰ অন্তৰ্গত চি আৰ ইউৰ উদ্যোগত আৰু ভাৰতীয় চিকিৎসক সন্থাৰ সহযোগত এক বিনামূলীয়া চিকিৎসা আৰু সাহায্য বিতৰণ শিবিৰ অনুষ্ঠিত হয় ৷ এই চিকিৎসা আৰু সাহায্য শিবিৰৰ জৰিয়তে এইবাৰ বঙাইগাঁও চহৰতো হৈ যোৱা বানত আক্ৰান্ত হোৱা পালপাৰা সংলগ্ন ৯ নম্বৰ আৰু ১১ নম্বৰ ৱাৰ্ডৰ বানাক্ৰান্ত ৰাইজক চিকিৎসাসেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়া ঔষধ- পাতি, ব্লিছিং পাউদাৰ, বিস্কুট আদি খাদ্য বস্তু বিতৰণ কৰা হয় ৷ শিবিৰত তিনি শতাধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ চি আৰ ইউ আৰু চিকিৎসক সন্থাৰ এই সময় উপযোগী মানৱ সেৱাক স্থানীয় ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে শ'লাগ লয় ৷

Your Comments