নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে দেওবাৰে একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি ৰখাৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰণ কৰাৰ বাবে গড়কাপ্তানি বিভাগে এক কোটি আঠষষ্ঠি লাখ পয়সত্তৰ হেজাৰ তিনিশ দুই টকা ব্যয় সাপেক্ষে এক আচনি প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মান কাৰ্য্য আৰম্ভ কৰিছিল৷গড়কাপ্তানি বিভাগৰ নলবাৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ প্ৰায় ২-৩ কি:মি দৈৰ্ঘ্যৰ পথছোৱাৰ নিৰ্মাণ কাৰ্য্য আৰম্ভণিৰে পৰাই আহিল ক্ৰুটিপূৰ্ণ। বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি ঠিকাদাৰে নিজ খেয়াল খুছিত পথ নিৰ্মাণ কৰাত ৰাইজে হকাবাধা কৰি আহিছিল৷কিন্তু ঠিকাদাৰে সেইবোৰলৈ কোনো ভ্ৰূক্ষেপ নকৰি কেৱল ৰাজনৈতিক প্ৰভাৱ খতুৱাই কাম কৰাত ৰাইজ অসন্তুষ্ট হৈ পৰিছিল৷
পথটোত প্ৰাককলন মতে মাটি আৰু শিলবালি দি ৰোলিং কৰাটো ঠিকাদাৰে কাৰ্পণ্য কৰা বুলি ৰাইজে অভিযোগ তুলি কয় যে বৰ্তমানে চি চি ব্লক পাৰাৰ সময়তো কাৰিকৰী নিয়মক ভেঙুচালি কৰি নৈৰ শুকান বালি দি নিৰ্মাণ কৰিব খুজিছে ঠিকাদাৰে৷নিয়মানুসাৰে চি চি ব্লকৰ মাজত শিলৰ গুৰি দি পানীৰে তিয়াই দিব লাগে৷কিন্তু ঠিকাদাৰে তাকে নকৰি নৈৰ পৰা খান্দি অনা শুকান বালি দিয়াত স্থানীয় ৰাইজ জাঙুৰ খাই উঠে৷স্থানীয় ৰাইজৰ অভিযোগ মতে পথটো নিৰ্মাণত বিভাগীয় ভাবে কোনো তদাৰক কৰা পৰিলক্ষিত হোৱা নাই৷আনহাতে পথটোৰ চাইদবাম আৰু চি চি ব্লকৰ মাজত দিয়া প্ৰতিৰোধক বিম দালো তেনেই দুৰ্বল বুলি প্ৰত্যক্ষ দৰ্শী ৰাইজে অভিযোগ কৰিছে৷ৰাইজে পথটো নিৰ্মাণত বিভাগীয় তদাৰকীৰ লগতে পূৰ্বতে হৈ অহা কামবোৰৰো তদন্তৰ দাবী কৰিছে৷
- Log in to post comments
- 33 views