বঙাইগাঁওঃ
সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থা (আপছা)ৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত দেওবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমীপৰ শোলমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বন্যাৰ্তৰ মাজত শিশু খাদ্য বিস্কুট, কেক, হৰলিক্স, বিশুদ্ধ খোৱাপানী আদি বিতৰণ কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। বিনামূলীয়া স্বাস্থ্য শিবিৰত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃমহিবুল ইছলাম মোল্লা আৰু ডাঃনজৰুল ইছলামে প্ৰায় দুই শতাধিক বন্যাৰ্ত শিশু, পুৰুষ আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে।
উল্লেখ্য যে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আৰম্ভণিতে একেটা স্থানতে আজি বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। বঙাইগাঁও জিলা ফাৰ্মাচিষ্ট সেৱা সন্থাৰ সাধাৰণ সম্পাদক মীৰ হাদিউল ইছলামে আঁত ধৰা সজাগতা সভাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকদ্বয়ে ভয়াৱহ হেপাটাইটিছ ৰোগৰ কাৰক আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।
- Log in to post comments
- 3 views