গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত হীৰুদাৰ জন্মদিন পালনঃ প্ৰেম আৰু ৰ"দালি শীৰ্ষক কবিতাৰ আবেলি সম্পন্ন

golaghat

গোলাঘাট :

গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচার্যৰ ৮৮ সংখ্যক ওপজাদিনটো দেওবাৰে গীত, কবিতাৰে সুন্দৰকৈ পালন কৰা হয় ৷ গোলাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ পৌৰ উদ্যানত সম্পূর্ণ প্ৰাকৃতিক পৰিবেশত "প্ৰেম আৰু ৰ'দালি" শীৰ্ষক এক কবিতাৰ অনুষ্ঠানেৰে পালন কৰা হয় হীৰুদাৰ জন্ম জয়ন্তী। সদৰ কবি সন্মিলনৰ সম্পাদক হেমা চৌধুৰী গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে ৰাখী দত্ত শইকীয়া, কমলাক্ষী দত্ত, অপূৰ্ব ৰঞ্জন দত্ত, জীনা বৰুৱাৰ লগতে উপস্থিত সকলোৱে হীৰুদাৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।golaghat

অনুষ্ঠানত ভোগেশ্বৰী চাংমাই, কুমকুম চাংমাই, নিহাৰীকা শইকীয়া, লাকী কলিতা, জুৰি সন্দিকৈ, কুমকুম বৰা, মনিকা চেত্ৰী হাজৰিকা, মঞ্জুলিকা নেওঁগ শইকীয়া, পল্লৱী বৰুৱা, অপূৰ্ব শইকীয়া, নয়নমণি গায়ন, বৰ্ণিল শইকীয়া, নৱ কুমাৰ বৰ্মন আদি প্ৰায় ডেৰকুৰি কবিয়ে হীৰুদাৰ গীত আৰু কবিতাৰে উদ্যানৰ চৌপাশ উজ্বলাই তোলে।

Your Comments