বইটামাৰীৰ প্রতিবেদক :
বঙাইগাওঁ জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ধনতোলা বজাৰৰ পৰা দেওবাৰে এখন বাইক চুৰি হয় । জানিব পৰা মতে , পুৱা ন মান বজাত বজাৰৰ পৰা বইটামাৰী অঞ্চলৰ ৰসিগাৱঁৰ পবিত্ৰ সূত্ৰধৰৰ এ এছ ১৯ এইচ ৮৬৪৩ নম্বৰৰ বাজাজ পালছাৰ বাইক খন চুৰি হয় । বাইকৰ গৰাকীয়ে পৰবৰ্তী সময়ত বইটামাৰী আৰক্ষী চকীত চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে।
ইফালে চুৰি বাইকখন লৈ যোৱা দৃশ্য ওচৰৰ এখন দোকানৰ চি চি টি ভি কেমেৰাত বন্দী হৈ ৰৈছে ।
- Log in to post comments
- 15 views