বঙাইগাঁৱৰ প্ৰতিবেদক
বিগত কেইটামান দিনত বতৰ ভাল হোৱাত বঙাইগাঁও জিলাৰ বান পৰিস্থিতি এতিয়া সম্পূৰ্ণৰূপে শাম কাটিছে। যোৱা ২৪ ঘণ্টাত কোনো ধৰণৰ বৃষ্টিপাত নোহোৱাৰ বাবে জিলাখনে খৰতকীয়া ভাৱে এই মাহটোত দ্বিতীয়বাৰৰ বাবে মুখামুখী হোৱা বানৰ ভয়াৱহতাৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছে। বর্তমান জিলাখনৰ তিনিওখন মুখ্য নদী আই, আই-মানাহ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ চতুৰ্থ দিনাৰ বাবে ধাৰাবাহিকভাৱে বিপদসীমাৰ তলত বৈ আছে৷ ইতিমধ্যে জিলাখনৰ বানত আক্ৰান্ত সকলোবোৰ গাওঁ বানপানীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে ৷ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি জিলাখনত বৰ্তমান কোনো এখন গাঁও বানত আক্ৰান্তৰ তালিকাভুক্ত নাই। জিলাখনৰ সৃজনগ্ৰাম, ডাংতল, বিজনী, বইটামাৰী আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ সকলো বানাক্ৰান্ত গাঁৱেই বৰ্তমান জলমুক্ত হৈছে আৰু গাঁওসমূহৰ বাসিন্দাসকলেও নিজৰ সাধাৰণ দৈনিক জীৱন আৰম্ভ কৰাৰ উদ্দেশ্যেৰে নিজ গৃহাভিমুখে গতি কৰিবলৈ আৰম্ভ কৰিছে।জিলাখনৰ সকলো বাসিন্দা আৰু কৃষি ভূমিয়েই বৰ্তমান জলমুক্ত হৈছে।জিলাখন সম্পূৰ্ণৰূপে বানমুক্ত হোৱাত বৰ্তমান জিলাখনত কোনো ধৰণৰ সাহায্য শিবিৰ বা সাহায্য কেন্দ্ৰ সক্ৰিয় হৈ থকা নাই।
কিছু কিছু ঠাইত অৱশিষ্ট বানাক্ৰান্ত পশুধনৰ বাবে পশু খাদ্য ,টাৰ্পলিন আদিৰ বিতৰণৰ বাহিৰে যোৱা ২৪ ঘণ্টাত জিলাখনত বাকী কোনো ধৰণৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ সাহায্য বিতৰণ কৰা হোৱা নাই। অৱশ্যে যিকোনো ধৰণৰ আকস্মিক চিকিৎসা সম্পৰ্কীয় প্ৰয়োজনৰ বাবে এতিয়াও জিলাখনত ২৮ টা চিকিৎসকৰ দল সক্ৰিয় কৰি ৰখা হৈছে আৰু সদ্য বানমুক্ত পৰিয়ালসমুহক বিনামূলীয়া দৰৱ বিতৰণ কৰি থকা হৈছে।
ইয়াৰ উপৰিও বানপানীৰ পিছৰ এই সময়ছোৱাৰ পৰিৱেশ যাতে বীজাণুমুক্ত হয় তথা কোনোধৰণৰ মহামাৰীৰ বাবে পথ প্ৰশস্ত নহয়,তাৰ বাবে ব্লিছিং পাউদাৰো পৰিয়ালসমূহৰ মাজত বিতৰণ কৰি থকা হৈছে। জিলাখনৰ বান পৰিস্থিতিৰ সম্পূৰ্ণৰূপে শাম কটাৰ পৰিপ্ৰেক্ষিতত ক্ষয়-ক্ষতিৰ জৰীপ তথা পুনৰ সংস্থাপনৰ কাম-কাজ বৰ্তমান তীব্ৰ গতিত চলি আছে ।সকলো সংশ্লিষ্ট বিভাগেই নিজ নিজ বিভাগৰ অন্তৰ্গত সংৰক্ষণ, উন্নয়ন আৰু পুনৰ নিৰ্মাণ কাৰ্যসূচী চলাই আছে আৰু সকলো সেৱা সম্পূৰ্ণৰূপে পূৰ্বৰ দৰে কাৰ্যক্ষম নোহোৱা পৰ্যন্ত এই কাম-কাজ বাহাল থাকিব।
বানগ্ৰস্ত হোৱা গৃহসমূহৰ ক্ষয়-ক্ষতিৰ জৰীপ বৰ্তমানেও পূৰ্ণ গতিত জিলাখনত অব্যাহত আছে ৷ দণ্ডাধীশসকলে নিয়মিত এই কাম-কাজৰ চোৱাচিতা কৰি আছে। ক্ষতিগ্ৰস্ত গৃহসমূহৰ ক্ষেত্ৰত যিকোনো ধৰণৰ খেলিমেলি ৰোধ কৰিবৰ বাবে গৃহসমূহৰ জিঅ' টেগিং কৰা হৈছে।উল্লেখ্য যে এটা সম্পূৰ্ণৰূপে ক্ষতি বা ধংস হোৱা গৃহৰ ক্ষেত্ৰত ৯৫,১০০ টকা সাহায্য হিচাবে দিয়া হ'ব। অহা তিনি মাহৰ ভিতৰত এই ধন মুকলি কৰি দিয়া হ'ব।
ইফালে,জিলা উপায়ুক্ত আদিল খানে সদ্য বানমুক্ত এলেকাসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি তাত চলি থকা পুনৰ নিৰ্মাণ,সংৰক্ষণ আৰু উন্নয়নমূলক কামকাজসমূহৰ মান আৰু সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে সময়ে -সময়ে দিহা-পৰামৰ্শ আগবঢ়াইছে।লগতে,জৰুৰী নিৰ্দেশনা জাৰি কৰি কামসমূহ ক্ষীপ্ৰগতিত সম্পন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
- Log in to post comments
- 9 views