বঙাইগাঁৱৰ প্ৰতিবেদক
সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখন দেওবাৰে নতুনকৈ গঠন কৰা হয়।এই উপলক্ষে উত্তৰ বঙাইগাঁওস্থিত কৃষ্টি বিকাশ সংঘত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।শাখা সমিতিৰ সভাপতি নয়নজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মাজু ৰহমানে ৷ সভাত সাংগঠনিক দিশৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷
পিছত এই সাধাৰণ সভাতেই সকলোৰে সৰ্বসন্মতিক্ৰমে নয়নজ্যোতি দাসক সভাপতি আৰু সুখদেৱ বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া উত্তৰ বঙাইগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতিখন নতুনকৈ গঠন কৰা হয় ৷ সভাত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায় আৰু উপদ্দেষ্টা মথুৰা বৰ্মন আদি উপস্থিত থাকে ৷
- Log in to post comments
- 12 views