তিনিচুকীয়াৰ প্ৰতিবেদক:
আজি তিনিচুকীয়াৰ গুইজানৰ কাষত খামটীগোৱালীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমত ৰাইজৰ মৰম আৰু সন্মান বুটলিবলৈ সক্ষম হোৱা "বৰহমথুৰি গাভৰু বিহু দলে" যুটীয়াভাৱে বানাক্ৰান্ত ৰাইজক দৈনন্দিন প্ৰয়োজনীয় চাউল, আলু, নিমখ, কাপোৰ, ছেনিটেৰি পেড ইত্যাদি বিভিন্ন সামগ্ৰী প্ৰদান কৰে ৷
উক্ত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিত বৰগোঁহাই, সমগ্ৰ অসমত জনপ্ৰিয় গায়িকা ৰূপে প্ৰতিষ্টিত তিনিচুকীয়াৰ নীলাক্ষি নেওগ, বৰহমথুৰি গাভৰু বিহু দলৰ সদস্যাসকল আৰু ছাত্ৰ সন্থাৰ আঞ্চলিক আৰু শাখাৰ কৰ্মীসকল৷ বিশেষকৈ বৰহমথুৰী গাভৰু বিহু দলৰ এনে কৰ্মক সকলোৱে একে মুখে প্ৰশংসা কৰিছে৷
- Log in to post comments
- 21 views