বঙাইগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত সুকুমাৰ কলা আৰু হস্ত কলা কৰ্মশালাৰ সামৰণি

bgn

বঙাইগাঁওঃ 

বঙাইগাঁৱৰ ৰেখা- ৰংমন চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত আৰু বংগীয় কলাক্ষেত্ৰৰ সহযোগত বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ অনুষ্ঠিত সুকুমাৰকলা আৰু হস্তকলা কৰ্মশালাখনৰ শুকুৰবাৰে সামৰণি পৰে ৷ তিনিটা শাখাত অনুষ্ঠিত এই কৰ্মশালাত শিক্ষাৰ্থীসকলক  কলাজ,পেষ্টল এপ্লাই, ওৱাটাৰ কালাৰ টেকনিক, অৰিগামী, বাটিক প্ৰিন্টিং , চেন্ট প্ৰিন্টিং, পট্ৰেইট, জুৱেলাৰী অৰ্ণামেন্ট মেকিং আদি বিভিন্ন বিষয়ৰ ওপৰত কৌশল শিকন আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ কৰ্মশালাখনত আন্তঃ ৰাষ্ট্ৰীয় চিত্ৰশিল্পী অধ্যাপক গোপেশ দাস, ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰশিল্পী সুকান্ত বিশ্বাস ,দীপাংকৰ ঘোষ আৰু অলংকাৰ আৰ্হি প্ৰস্তুতকৰ্তা সম্প্ৰীতি পালৰ লগতে আন কেইবাগৰাকী চিত্ৰশিল্পীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷ উল্লেখ্য যে চব্বিশ জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখন বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ উদ্বোধনী ভাষণত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কলা-সংস্কৃতি, সুকুমাৰ কলা আদিৰ জৰিয়তে কণ কণ ল'ৰা- ছোৱালীৰ লগতে উঠি অহা যুৱক-যুৱতীসকলৰ মনত সৃষ্টিশীল মানসিকতা উদ্ভাৱনৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰিব পাৰে ৷ সেয়ে তেওঁ ছাত্ৰ-ছাত্ৰী আদৰণি সমিতিৰ সভাপতি প্ৰভাত বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত তথা সাধাৰণ সম্পাদক নাৰায়ণ চন্দ্ৰ সিংহই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কল্যাণী দত্ত ৰায়ে সুকুমাৰ কলা আৰু হস্ত কলাৰ ওপৰত এক মননশীল ব্যাখ্যা দাঙি ধৰাৰ লগতে বঙাইগাঁও মহাবিদ্যালয়ৰ বিগত দুটা বছৰৰ শ্ৰেষ্ঠা গায়িকা শ্ৰেয়ালী সাহাই এটি ভজন পৰিৱেশন কৰে ৷ bgn2

 অনুষ্ঠানত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰিকেন্দ্ৰ নাথ শৰ্মা আৰু বিশিষ্ট চিকিৎসক ডাঃ ইতেশ বৰদলৈয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানত কৰ্মশালাখনৰ সমল ব্যক্তিসকলো উপস্থিত থাকে ৷ ইপিনে  শুকুৰবাৰে কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ আদৰণি সমিতিৰ সভাপতি প্ৰভাত বৈষ্ণৱৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান,স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডাঃ ফিৰোজ আহমেদ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মা, ডাঃ প্ৰণৱ কুমাৰ ৰায়, সমল ব্যক্তি গোপেশ দাস তথা ভালে কেইগৰাকী অভিভাৱক আৰু শিক্ষাৰ্থীয়ে বক্তব্য ৰাখে ৷ অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক উদ্যোক্তাসকলৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত শিল্পী অৱনী কুমাৰ ৰায়ে কৰ্মশালাৰ ওপৰত ভিত্তি কৰি লিখা 'কৰ্মশালা ' শীৰ্ষক কবিতাটি আবৃত্তিৰে উপস্থিতসকলক আনন্দ দিয়ে ৷ সেইদৰে কৰ্মশালাৰ পশ্চিম বংগৰ সমল ব্যক্তি সুকান্ত বিশ্বাসৰ তত্বাৱধানত কেবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰিকেন্দ্ৰ নাথ শৰ্মাৰ এখন পট্ৰেইট আঁকি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ উল্লেখ্য যে যোৱা ২৪, ২৫ আৰু ২৬ জুলাইত তিনিদিনীয়াকৈ এই কৰ্মশালাখন অনুষ্ঠিত হৈছিল ৷

Your Comments