সুদুৰ কেৰেলাৰ পৰা আহি আসমৰ বানপীড়িতৰ খবৰ ললে এটা সঁজাতি দলে: বিতৰণ কৰিলে ঔষধ

kerela

দলগাঁও, জুলাই :

অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বান বিধ্বস্ত এলেকাত সমূহত মহামাৰী ৰূপ ধাৰণ কৰিছে বিভিন্ন বেমাৰে। কিন্তু চৰকাৰ কিম্বা প্ৰশাসনে এই দুৰ্গত সকলক চিকিৎসা সেৱা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। ফলত শিশুৰ পৰা ডেকা, গাভৰু, আবাল বৃদ্ধ আনকি গৰ্ভৱতী মহিলাইয়ো চিকিৎসা জনিত কাৰণত মূৰে কপালে হাত দিবলগীয়া হোৱাৰ সময়তে সুদুৰ কেৰেলাৰ পৰা পৰা তিনিজনকৈ চিকিৎসক, ঔষধ আৰু পেৰা মেডিকেলৰ টিম সহ অসমত উপস্থিত হল এটা সজাতি দল। উদ্দেশ্য, দুৰ্গত সকলক যৎকিঞ্চিত চিকিৎসা সেৱা আগবঢ়োৱা।ইনটিগ্ৰেটেড প্ৰফেচনেলছ ফৰাম চমুকৈ (আই পি এফ), কেৰেলা মুছলিম জামাত আৰু ইছলামিক এডুকেচনেল বোৰ্ড অফ ইণ্ডিয়াৰ উদ্যোগত শনিবাৰে দৰং জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চকু তোলা বজাৰ আৰু খেৰণি চাপৰিত থকা অস্থায়ী আশ্ৰয় শিবিৰত প্ৰায় পাঁচ শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় ঔষধো বিতৰণ কৰে। শিবিৰ সমূহৰ পৰা উভতি আহোতে ৰাতি হৈ যায় যদিও নৌকাৰে আহি থাকোতেও ব্ৰহ্মপুত্ৰ নৈৰ মাজতো চলে চিকিৎসা ।kerela2

চিকিৎসক সকলে মন্তব্য কৰা মতে, অধিকাংশ লোকেই চৰ্ম ৰোগ আৰু গেলা পানীৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগত আক্ৰান্ত । এই ৰোগ সমূহৰ সময়ত সঠিক চিকিৎসা কৰিব নোৱাৰিলে সংক্ৰামক ৰোগৰ দৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আনহাতে, গৰ্ভৱতী মহিলাই প্ৰয়োজনীয় চিকিৎসা লাভ নকৰাৰ ফলত মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকাও ব্যক্ত কৰে চিকিৎসক কেইজনে। ইফালে, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সমূহক প্ৰতিনিধিত্ব কৰে ক্ৰমে কেৰেলা মুছলিম জামাতৰ ৰাজ্যিক সম্পাদক হাজী মুস্তফা,আই ই বি আইৰ সঞ্চালক হাজী আব্দুল কৰিম আৰু  অসমৰ প্ৰচাৰ সম্পাদক জয়নাল আবেদিনে। দলটোৱে দুৰ্গত লোক সকলৰ অৱস্থা চাই  মৰ্মাহত হোৱাৰ লগতে চৰকাৰৰ শুভদৃষ্টিৰ কামনা কৰে। চহৰাঞ্চলত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। আনহাতে, চিকিৎসা সেৱা লাভ কৰি বানাক্ৰান্ত লোক একাংশই সংগঠন কেইটাক ধন্যবাদ জ্ঞাপন কৰে। একাংশ লোকে সাংবাদিকৰ আগত কয়- স্বেচ্ছাসেৱী সংগঠনৰ বাহিৰে আমি কোনো চৰকাৰী সাহায্য নাপালো। আমাৰ দোষ কি? প্ৰশ্ন হৈছে- কত আছে চৰকাৰ বাহাদুৰ? কত আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ? বানাক্ৰান্ত এলেকাত ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিলেহে জাগিব নেকি চৰকাৰ প্ৰশাসন? শিবিৰ সমূহত নাই পৰ্যাপ্ত খাদ্য, নাই খোৱা পানী, নাই চিকিৎসা সেৱা । চৰকাৰৰ চকু খোল খাবনে?

Your Comments