বঙাইগাঁও লায়ন্স ক্লাবৰ দ্বাৰা বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ কচুদোলা উচ্চ বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকৰ মাজত আজি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাবৰ বঙাইগাঁও শাখাই খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ উল্লেখ্য যে কচুদোলা প্ৰথম আৰু দ্বিতীয় খণ্ড, ভৈৰৱ পাহাৰ গাঁৱৰ ডেৰ শতাধিক লোক বিগত কে'বাদিনো ধৰি অাশ্ৰয় শিবিৰটোত আশ্ৰয় লৈ আছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে উক্ত অঞ্চল প্লাৱিত হৈ বানৰ কৱলত পৰাত লোকসকলে বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰে ৷

bgn2 লায়ন্স ক্লাবৰ খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহ, বঙাইগাঁও লায়ন্স ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট চকুৰোগ বিশেষজ্ঞ ডাঃ এন এন শৰ্মা, বঙাইগাঁও লায়ন্স ক্লাবৰ সভাপতি সুজিত আগৰৱালা, সম্পাদক বিকাশ টুৱানীসহ সদস্য-সদস্যা সকল উপস্থিত থাকি বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে  ৷ আশ্ৰয় শিবিৰৰ দূৰ্গত লোক সকলক চাউল, দাইল, নিমখ, মিঠাতেল, গাখীৰৰ পেকেট, বিস্কুট, পানী আদি প্ৰদান কৰা হয় ৷

Your Comments