হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ লংকাৰ কাকীত কিছুদিন পূৰ্বে সংঘটিতহোৱা এক ধৰ্ষণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে।ঘৰত কোনো নথকাৰ সুযোগ লৈ আজিৰ পৰা প্ৰায় ১৫ দিন পূৰ্বে কাকী অঞ্চলৰ এগৰাকী যুৱতীৰ দেউতাকৰ বন্ধু একালু ৰবিদাস নামৰ লম্পত ব্যক্তিজনে ১৪ বছৰীয়া কিশোৰী গৰাকীৰ শ্লীলতাহানি কৰিছিল বুলি অভিযোগ কৰিছে খোদ ভুক্তভোগী কিশোৰী গৰাকীয়ে। এই ঘটনাৰ স্থান কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুইহেজাৰ বিঘা। উক্ত ঘটনা সন্দৰ্ভত গাৱৰ ৰাইজে বিচাৰ কৰি দিম বুলি কৈ আজি পৰ্যন্ত ন্যায় দিব নোৱাৰাত আজি কাকী আৰক্ষী থানত ভুক্তভোগীৰ পৰিয়ালটোৱে এক এজাহাৰ দাখিল কৰে | পিছত কাকী আৰক্ষীয়ে লম্পদ একালু ৰবিদাসক আটক কৰি কাকী আৰক্ষী থানলৈ লৈ আহে | বৰ্তমান কাকী আৰক্ষীৰ জিম্মাত আছে লম্পত ব্যক্তিজন।
- Log in to post comments
- 29 views