শিৱসাগৰত বিভিন্ন কাৰিকৰী প্ৰশিক্ষণৰ অন্তত প্ৰমাণপত্ৰ বিতৰণ

sib

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

অ'এনজিচিৰ সদৌ ভাৰত  অনুসূচিত জাতি-জনজাতিৰ কর্মচাৰী কল্যাণ সন্থাৰ উদ্যোগত আজি শিৱসাগৰস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অফিচার্চ ক্লাৱত বিভিন্ন প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়  । সদৌ ভাৰত অনুসূচিত জাতি- জনজাতিৰ সংযোজিত ধনৰাশিৰ অধীনত ৭০ টা মহিলা আত্মসহায়ক গোটক সৌন্দৰ্য চৰ্চা, কম্পিউটাৰ, কাটিং আৰু টেইলাৰিঙৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। উক্ত প্রশিক্ষণৰ অন্তত আজি অনুষ্ঠিত হোৱা প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত ড৹ বি. আৰ.আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভ উদ্বোধনী কৰে অ'এনজিচিৰ সম্পদ প্ৰৱন্ধক সুৰেশ ডি.মাস্কে। 

অনুষ্ঠানত সদৌ ভাৰত অনুসূচিত জাতি জনজাতি সমিতিৰ উপাধ্যক্ষ ডেম্বীৰাম পাংগিং ,  আৰ .ভি.পি.ৰাজীৱ দেউৰী , বীৰেন দাসকে আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটি আঁত ধৰে সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি সমিতিৰ সম্পাদিক জগত হাজৰিকাই। উক্ত প্রক্ষিশনত ১১০ গৰাকী মহিলাৰ ভিতৰত কাটিং-টেইলৰিং বিভাগৰ ৫০ গৰাকী, কম্পিউটাৰৰ ৩০ গৰাকী  আৰু সৌন্দৰ্য চৰ্চাৰ ৩০ গৰাকী প্রশিক্ষার্থীক মানপত্র প্ৰদান কৰা হয়।

Your Comments