বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
অৱশেষত ৰাইজে মেৰামতি কৰিলে দেহাৰকুছি পৰা গৰমচুং হৈ বৰগাছালৈ যোৱা পথটো৷ ইতিমধ্যে পথটোৰ জৰাজীৰ্ণ আৰু বোকাময় অৱস্থাৰ কথা সকলো সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিচতো চৰকাৰ তথা স্থানীয় নিকায় গাওঁ পঞ্চায়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ আনহাতে কেইদিনমান আগতে হৈ যোৱা প্ৰৱল বানপানীয়ে পথটো সম্পূৰ্ণ ৰূপে ডুবাই পেলায়৷ ইমানেই নহয় পথটোৰ ওপৰত পানী মেটেকা পৰি যাতায়াতৰ অনুপযোগী হৈ পৰে৷ ইফালে বৰগাছা, গৰমচুং, বৰবুকীয়া, দক্ষিণশিংৰা, বৰদল আদি গাঁৱৰ ৰাইজৰ বাবে এইটোৱেই হৈছে বৰ্তমান যাতায়াতৰ পথ৷ অন্য পথ আছে যদিও সেইকেইটাৰে বৰ্তমানলৈ যাতায়াত সূচল হৈ উঠা নাই৷ তদুপৰি বৰলীয়াৰ মথাউৰিটো আছে কিন্তু সেইটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে যাতায়াতৰ বাবে সুবিধাজনক নহয়৷ আনহাতে শিক্ষানুষ্ঠানসমূহৰ গ্ৰীষ্মৰ বন্ধৰ সামৰণিৰ দিন সমাগত৷ সেয়েহে আজি পূৱাৰে পৰা বৰগাছাৰ চাইফুদ্দিন আহমেদ আৰু সানেকুছিৰ ভূৱনেশ্বৰ দাসৰ নেতৃত্বত ওলাই অহা কেইজনমান উৎসাহী লোকৰ তৎপৰতাত ৰাস্তাটোৰ ওপৰৰ পানীমেটেকা বোৰ আঁতৰ কৰাৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰ মাটিৰে পূৰ্ণ কৰি যাতায়াতৰ বাবে সূচল কৰি তোলে৷ ভূক্তভোগী ৰাইজে সোনকালে পথছোৱা উন্নত কৰাৰ বাবে জনপ্ৰতিনিধি তথা গড়কাপ্তানি বিভাগৰ ওচৰত দাবী জনাইছে৷
- Log in to post comments
- 40 views